Home Main Stories অখিল গগৈৰ নেতৃত্বত জোনাইত গো- সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ধৰ্ণা...

অখিল গগৈৰ নেতৃত্বত জোনাইত গো- সুৰক্ষা আইন ২০২১ বাতিলৰ দাবীত ধৰ্ণা কাৰ্যসূচী

320
0


বিকাশ শইকীয়া, চিলাপথাৰ, ৬ ছেপ্তম্বৰ : অসম চৰকাৰে অনুমোদন জনোৱা গো-সুৰক্ষা আইন-২০২১ বিধেয়ক বাতিলৰ দাবীত জোনাইত সোমবাৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত আৰু ধেমাজি জিলাৰ  গো-পালক সন্থা, ৰাইজৰ দল, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক ৰাইজৰ সহযোগত এক বৃহৎ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। বিধায়কগৰাকীয়ে পুৱা প্ৰায় ১০.৩০ বজাত জোনাইত উপস্থিত হৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ পৰা হাজাৰ হাজাৰ লোকৰ লগত সমদল কৰি জোনাই মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। ধৰ্ণা কাৰ্যসূচীত নেতৃত্ব দি বিধায়কগৰাকীয়ে অসম চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয়- বিজেপি চৰকাৰে সাম্প্ৰদায়িক আৰু খাটি খোৱা  ৰাইজৰ কাৰণে অত্যন্ত ক্ষতিকাৰকঅসম গো-সুৰক্ষা আইন-২০২১ ৰাইজৰ মাজত জাপি দিয়াৰ ফলত  থলুৱা খাটি খোৱা লোকসকল, খিলঞ্জীয়া জনগোষ্ঠীসকলৰ মাজত বেয়াকৈ প্ৰভাৱ পৰিব। তদুপৰি গো-সুৰক্ষা আইন বাতিলৰ দাবীত আজি জোনাইৰ পৰা এই আন্দোলন আৰম্ভ কৰা হৈছে বুলি মন্তব্য আগবঢ়াই শিৱসাগৰ বিধায়কগৰাকীয়ে। ইপিনে কৃষক মুক্তি সংগ্ৰাম সমিতি, ধেমাজি জিলা সমিতিয়ে জোনাইৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বীবেদিৰ জৰিয়তে মুখ্যমন্ত্ৰী  ড০ হিমন্ত বিশ্ব শৰ্মালৈ গো-সুৰক্ষা আইন-২০২১ বাতিলৰ দাবীত স্মাৰক-পত্ৰ প্ৰেৰেণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here