Home ৰাজনীতি ৰঙিয়াত অখিল গগৈক তীব্ৰ সমালোচনা বিধায়ক দিগন্ত কলিতাৰ , কৃষক নেতাই ...

ৰঙিয়াত অখিল গগৈক তীব্ৰ সমালোচনা বিধায়ক দিগন্ত কলিতাৰ , কৃষক নেতাই দিল্লীৰ হোটেলত হেজাৰ টকীয়া কফি কেনেদৰে খাই ? : দিগন্ত কলিতা

319
0

গণবাৰ্তা, ৰঙিয়া, ৩১ আগষ্ট :  মংগলবাৰে ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিচ্ছেন্নালা গাঁও পঞ্চায়তত উত্তৰ কামৰূপ কৃষক মৰ্চাৰ উদ্যোগত তথা ৰঙিয়া মণ্ডল কৃষক মৰ্চাৰ সহযোগত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা,বিজেপি কিছান মৰ্চাৰ সভাপতি দেৱজিত বৰা, বিটিআঁৰৰ কাৰ্যবাহী সদস্য ৰমেন্দ্ৰ নাৰ্জাৰী সহ কেইবাগৰাকী দলীয় কৰ্ম কৰ্তা উপস্থিত থাকে। আজিৰ এই সম্বৰ্ধনা অনুষ্ঠান মূলত:
কৃষক সকলৰ লগতে দলীয় কার্যকৰ্তা সকলক উৎসাহ দিয়াৰ উদ্দেশ্য অনুষ্ঠিত কৰা হয় । আনহাতে বিধায়ক দিগন্ত কলিতাই সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত অখিল গগৈ সন্দৰ্ভত কয় যে যিজন মানুহে হাৱাই চেণ্ডেল পিন্ধি থাকে সেইজন ব্যক্তিয়ে হেজাৰ টকীয়া কফি পোৱা হোটেলত কেনেদৰে কফি খাই ? আনহাতে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মিত্ৰতা ভংগ হোৱাত বহু কেইজন এ আই ইউ ডি এফৰ বিধায়কে ইয়াত বিজেপিৰ হাত আছে বুলি কোৱাৰ  সন্দৰ্ভত কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই কয় যে  ‘”আমি হলো ভাৰতীয় জনতা পাৰ্টী দলৰ একোজন কৰ্মকৰ্তা আমি অন্য দলক ভাঙিব চেষ্টা কৰিমে, যিমানে বিৰোধী দুৰ্বল হব আমি সিমানে শক্তিশালী হম”।আগন্তুক দিনত ৰাজ্যৰ বলীষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দল আৰু চৰকাৰে একত্ৰিত ভাৱে ৰাইজৰ কাম কৰি ১৫ বছৰ কংগ্ৰেছ মুক্ত কৰাৰ সংকল্প গ্ৰহণ কৰা বুলি বিধায়ক কলিতাই সংবাদ মাধ্যমৰ আগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।   

LEAVE A REPLY

Please enter your comment!
Please enter your name here