Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ড্ৰোন আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আল জৱাহিৰি

ড্ৰোন আক্ৰমণত নিহত অল কায়দাৰ মুৰব্বী আল জৱাহিৰি

73
0


নতুন দিল্লী, ২ আগষ্ট ঃ
ড্ৰোন আক্ৰমণত নিহত ম’ষ্ট ৱাণ্টেড আল-কায়দাৰ মুৰব্বী আয়মান আল জৱাহিৰি৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে সোমবাৰে টুইটযোগে নিশ্চিত কৰে এই খবৰ৷ শনিবাৰে আমেৰিকাই আফগানিস্তানৰ কাবুলত বিমানৰে চলোৱা আক্ৰমণত অল কায়দাৰ নেতা আল জৱাহিৰি নিহত হয়৷ ২০১১ চনত ওছামা বিন লাডেনৰ মৃত্যুৰ পিছত অল কায়দাৰ নেতৃত্ব লৈছিল জৱাহিৰিয়ে৷ কাবুলৰ ডাউনটাউনত পৰিয়ালক লগ কৰিবলৈ গৈ তাতেই আশ্ৰয় লৈ আছিল জৱাহিৰিয়ে৷ ইয়াৰ পিছতে শনিবাৰে নিশা জ্ঝ.৪৮ বজাত আক্ৰমণৰ ঘটনাটো সংঘটিত হয়৷ ৰিপ’ৰ্ট অনুসৰি এই আক্ৰমণত দুটা হেলফায়াৰ মিছাইল ব্যৱহাৰ কৰা হৈছিল৷ এই আক্ৰমণৰ ঘটনাৰ পূৰ্বে বাইডেনে কেবিনেট আৰু পৰামৰ্শদাতাসকলৰ সৈতে কে’বাসপ্তাহ ধৰি বৈঠকত মিলিত হৈছিল৷ পৰিকল্পনা অনুসৰি আক্ৰমণৰ সময়ত কোনো আমেৰিকান উপস্থিত নাছিল কাবুলত৷ তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে এই সন্দৰ্ভত টুইটযোগে কয়– ৩১ জুলাইত কাবুল চহৰৰ শ্বেৰপুৰ অঞ্চলৰ এটা আৱাসিক ঘৰত বিমানেৰে আক্ৰমণ কৰা হৈছিল৷ এই ঘটনাৰ সন্দৰ্ভত আমি তদন্ত কৰি গম পালোঁ যে এই আক্ৰমণ আমেৰিকান ড্ৰোনৰ দ্বাৰা কৰা হৈছিল৷ অৱশ্যে আক্ৰমণত জৱাহিৰিৰ পৰিয়ালৰ কোনো ক্ষতি হোৱা নাই৷ জৱাহিৰিয়ে বিগত ১১ বছৰ ধৰি অল কায়দাৰ মুৰব্বী হিচাপে সন্ত্ৰাসবাদী সংগঠনটোক নেতৃত্ব দি আছিল৷ তেওঁ এসময়ত ওছামা বিন লাডেনৰ ব্যক্তিগত চিকিৎসক হিচাপে আছিল৷ জৱাহিৰি ইজি৫১ এক প্ৰতিষ্ঠিত পৰিয়ালৰ সন্তান৷ জৱাহিৰিয়ে ১১ ছেপ্টেম্বৰ, ২০০১ চনত আমেৰিকাৰ ওপৰত আক্ৰমণৰ মাষ্টাৰমাইণ্ডৰ ষড়যন্ত্ৰত সহায় কৰিছিল৷ আমেৰিকাত হোৱা এই আক্ৰমণৰ পিছত জৱাহিৰিয়ে আত্মগোপন কৰি আছিল৷ হিয়াই কৈছিল যে আমাৰ নতুনকৈ খোলা শ্ব’ৰূমত গ্ৰাহকে সকলো এখন চালৰ তলত পাব পাৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here