ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ ডিচেম্বৰ ঃ দেশত বাঢ়িছে অ’মিক্ৰনৰ সংখ্যা। প্ৰতিদিনেই আক্ৰান্ত হৈছে বহু লোক। এই পৰ্যন্ত দেশত আক্ৰান্ত লোকৰ সংখ্যাই ৪০০ৰ ঘৰ স্পৰ্শ কৰিছে। অসমত এতিয়ালৈকে কোৰোনাৰ এই নতুন প্ৰজাতিত আক্ৰান্তত লোক ধৰা পৰা নাই যদিও ৰাজ্যবাসীক সতৰ্ক হৈ থাকিবলৈ আহবান জনাইছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইপিনে, আগন্তুক নৱবৰ্ষৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নাথাকিব কোনো বাধ্যবাধকতা। ইফালে ৰাজ্যৰ চৰকাৰী সঞ্চালকালয়সমূহ শীঘ্ৰেই লখৰাৰ বেতকুছিলৈ স্থানান্তৰ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে স্থানান্তৰৰ বাবে ৫০০ কোটি টকা আবণ্টন দিয়া হৈছে। নিবিদাৰ কাম আৰম্ভ হৈছে। পাঁচ মাহৰ ভিতৰত কাম আৰম্ভ হ’ব। জনসাধাৰণে বাছৰ ভাৰা ভৰি ঘূৰি ফুৰিব নালাগে। তাৰ বাবে এটা স্থানতে সকলো সঞ্চালকালয় স্থাপন কৰা হ’ব।
Home অসম লখৰাৰ বেতকুছিলৈ স্থানান্তৰ হ’ব সকলো চৰকাৰী সঞ্চালকালয়ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা