Home উত্তৰ পূৰ্বাঞ্চল বিৰোধী বিহীনভাৱে চলিব নাগালেণ্ডৰ চৰকাৰ : উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ সকলো দলে একত্ৰিত...

বিৰোধী বিহীনভাৱে চলিব নাগালেণ্ডৰ চৰকাৰ : উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যখনৰ সকলো দলে একত্ৰিত হৈ চৰকাৰ চলোৱাৰ সিদ্ধান্ত

112
0


কোহিমা, ১৯ ছেপ্টেম্বৰ: উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য নাগালেণ্ডে এক নতুন ইতিহাস ৰচাৰ দিশে আগবাঢ়িছে৷ ৰাজ্যখনৰ সকলো ৰাজনৈতিক দল একত্ৰীত হৈ বিৰোধীবিহীনভাৱে বিধানসভা চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যিটো দেশৰ ৰাজনৈতিক ইতিহাসত বিৰোধীবিহীনভাৱে চলা প্ৰথমখন ৰাজ্য হৈ পৰিব নাগালেণ্ড৷ নাগালেণ্ডৰ সকলো ৰাজনৈতিক দলে বিৰোধীবিহীনভাৱে একত্ৰীত হৈ চৰকাৰ চলোৱাৰ এক প্ৰস্তাৱ গ্ৰহণ কৰিছে৷ নাগালেণ্ড বিধানসভাত প্ৰতিনিধিত্ব কৰা সকলো ৰাজনৈতিক দলে এক সৰ্বদলীয় চৰকাৰ গঠনৰ সিদ্ধান্ত লৈছে আৰু শাসনাধিষ্ঠিত দল আৰু বিৰোধী দল ইয়াত সন্মত হৈছে৷ এই নতুন চৰকাৰক যুটীয়া গণতান্ত্ৰিক মিত্ৰতা বুলি নামকৰণ কৰা হৈছে৷ ইয়াত বিজেপিও জড়িত হৈ আছে৷ উল্লেখ্য যে নাগালেণ্ডৰ ৰাজধানী কোহিমাত মুখ্যমন্ত্ৰী নেফিয়ু ৰিঅ’ৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিৰোধীবিহীন চৰকাৰ চলোৱাৰ এক প্ৰস্তাৱত সকলো দলে সৰ্বসন্মতি প্ৰকাশ কৰে আৰু এখন প্ৰস্তাৱ গৃহীত কৰে৷ ইয়াৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰৰ জৰিয়তে ৰাজ্যখনত বিৰোধীবিহীন চৰকাৰ চলিব বুলি ঘোষণা কৰে আৰু এই চৰকাৰক যুটীয়া গণতান্ত্ৰিক মিত্ৰতা [ইউডিএ] বুলি নামকৰণ কৰা হৈছে৷ ইউডিএৰ সৈতে জড়িত হৈ আছে এনডিপিপি, বিজেপি, এনপিএফ আৰু নিৰ্দলীয় বিধায়ক দলৰ নেতা৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here