Home Main Stories মাদ্ৰাছাৰ সকলো তথ্য উপলব্ধ হ’ব পৰ্টেলত: জমিয়ত, নদুৱাতুত তামিৰ, জমিয়তে আলহে হাদিজ,...

মাদ্ৰাছাৰ সকলো তথ্য উপলব্ধ হ’ব পৰ্টেলত: জমিয়ত, নদুৱাতুত তামিৰ, জমিয়তে আলহে হাদিজ, আহলে চুন্নত ৱাল জামাতৰ প্ৰতিনিধিৰে আৰক্ষী সঞ্চালক প্ৰধানৰ বৈঠক : জেহাদী কাৰ্যকলাপক লৈ মুছলমান সমাজৰ পৰা সহযোগিতা বিচাৰিলে ডি জি পি ভাস্কৰজ্যোতি মহন্তই

135
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৫ ছেপ্টেম্বৰ: শেহতীয়াকৈ জেহাদী প্ৰসংগ আৰু মাদ্ৰাছাত বুলড’জাৰ চলোৱাক লৈ ৰাজ্যত অব্যাহত আছে প্ৰতিক্ৰিয়া৷ একপ্ৰকাৰ মাদ্ৰাছা ধ্বংসৰ ষড়যন্ত্ৰৰে আৰক্ষী-প্ৰশাসনে বলপূৰ্বকভাৱে মাদ্ৰাছাসমূহত এনেদৰে উচ্চেদ চলোৱা হৈছে বুলি একাংশই মুকলিভাৱে অভিযোগ কৰিছে৷ এনে অভিযোগৰ পিছতেই আজি আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই মুছলমান সমাজৰ চাৰিটাকৈ ধৰ্মীয় সংগঠনৰ প্ৰতিনিধিৰে বৈঠকত মিলিত হয়৷ আজিৰ বৈঠকত ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে৷ জমিয়ত উলেমা হিন্দৰ দুয়োটা গোট, নদুৱাটুত তানজিম ব’ৰ্ড, জমিয়তে আহলে হাদিছৰ প্ৰতিনিধিৰ সৈতে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে বৈঠকত মিলিত হৈ ৰাজ্যত শেহতীয়াকৈ জেহাদী কাৰ্যকলাপ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে৷ আজিৰ আলোচনা সম্পূৰ্ণৰূপে আছিল ইতিবাচক৷ শেহতীয়াকৈ চলি থকা এনেধৰণৰ জেহাদী কাৰ্যকলাপ সন্দৰ্ভত এই চাৰিটা সংগঠনক দায়িত্ব প্ৰদান কৰি মুছলমান সমাজক আৰক্ষীৰ সৈতে সহযোগিতা আগবঢ়াবলৈ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে আহ্বান জনায়৷ এতিয়াৰে পৰা ৰাজ্যৰ সকলো মাদ্ৰাছাৰ তথ্য উপলব্ধ হ’ব প’ৰ্টেলত৷ ৰাজ্যৰ কোন কোন স্থানত মাদ্ৰাছা আছে, সেই মাদ্ৰাছাসমূহত শিক্ষক, ছাত্ৰ-ছাত্ৰীৰ লগতে যাৱতীয় নথি-পত্ৰ, মাদ্ৰাছাসমূহ পৰিচালনাৰ বাবে ক’ৰ পৰা ধন ব্যয় কৰা হৈছে, এই সমস্ত তথ্য প’ৰ্টেলত উপলব্ধ হ’ব৷ সেয়ে আজিৰ আলোচনাত উপস্থিত থকা চাৰিটা সংগঠনৰ প্ৰতিনিধি ৰাজ্যৰ মাদ্ৰাছাসমূহৰ সকলো তথ্য সংগ্ৰহ কৰিবলৈ আহ্বান জনায় ডিজিপি ভাস্কৰজ্যোতি মহন্তই৷ যাতে সমাজত কোনোধৰণৰ অপ্ৰীতিকৰ কাৰ্যকলাপ নচলে তাৰ ওপৰত মুছলমান সমাজক সতৰ্ক হ’বলৈ আহ্বান জনাই আজিৰ বৈঠকত ভাস্কৰজ্যোতি মহন্তই কয় যে মুছলমান সমাজত ০০.ৰ শতাংশও বেয়া মানুহ নাই৷ মুছলমান সমাজে সম্পূৰ্ণৰূপে সহযোগিতা আগবঢ়াইছে জেহাদী কাৰ্যকলাপৰ ক্ষেত্ৰত৷ সকলো বেয়া মানুহ নহয়৷ ইতিমধ্যে কে’বাজনো লোকক গ্ৰেপ্তাৰ কৰা হৈছে৷ কিন্তু ধৃত লোককেইজনৰ ভিতৰত দুই-এজনহে বেয়া মানুহ৷ বাকীকেইজন সংগ দোষত পৰি বেয়া হৈছে বুলি ভাস্কৰজ্যোতি মহন্তই উল্লেখ কৰে৷ আজিৰ আলোচনাকালত জেহাদীৰ নামত মাদ্ৰাছাত চলা বুলড’জাৰ সন্দৰ্ভতো সংগঠনৰ প্ৰতিনিধিসকলে ভাস্কৰজ্যোতি মহন্তৰ দৃষ্টিগোচৰ কৰে৷ এইক্ষেত্ৰত মুছলমান সমাজৰ পৰা সহযোগিতাৰ আহ্বান জনাই কয় যে যদি মুছলমান সমাজ আগবাঢ়ি আহে আৰু মাদ্ৰাছাৰ সকলোধৰণৰ তথ্য-পাতি আৰক্ষীৰ ওচৰত দাখিল কৰে, তেন্তে আৰক্ষীয়ে বিচাৰি যাব নালাগিব৷ আজিৰ বৈঠকত অসম ৰাজ্যিক জমিয়ত উলেমাৰ উপ-সভাপতি আমিৰে শ্বৰিয়ত মৌলানা ইয়াহয়ীয়া, মৌলানা ইউছুফ আলী, মৌলানা মাহমুদুল হাছান, সম্পাদক মৌলানা কলিমউদ্দিন, তানজিম ব’ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা আব্দুৰ কাদিৰ, নদৱাতুত তামিৰৰ সাধাৰণ সম্পাদক মৌলানা ফৰিদ আহমেদ, আহলে ছুন্নত ৱাল জামাতৰ সভাপতি মৌলানা চাৰিমুল হক, জমিয়ত আহলে হাদিজৰ ৰমজান আলী, গুৱাহাটী জমিয়তৰ হাফিজ পাৰভেজ মুছাৰফ, নদুৱাতুত তামিৰৰ মৌলানা ইউছুফ আলি, আলহে চুন্নত ৱাল জামাতৰ মৌলানা ছৈয়দ জুনিয়াদ আহমেদ মাদানী, মৌলানা ফৰিদ উদ্দিন চৌধুৰী, আলহে চুন্নত ৱাল জামাতৰ মৌলানা ছাব্বিৰ হুছেইন চৌধুৰী, আলহে হাদিছৰ ড॰ নুৰুল ইছলাম, জমিয়তৰ মুফতি আব্দুল হক, মৌলানা আব্দুল মজিদ, মৌলানা নুৰুল আমিন কাছিমী, মুফতি ইয়াহহিয়া, মৌলানা বিল্লাল আহমেদ, মৌলানা মহম্মদ আলি, মৌলানা মুৰ্তাজা আহমেদ, মৌলানা জিয়াউদ্দিন, মৌলানা আব্দুল নুৰ, হাফিজ আতোৱাৰ ৰহমান, হাফিজ আব্দুল মান্নান, মৌলানা আতিক ৰহমান, আহলে চুন্নত ৱাল জামাতৰ মৌলানা মকিবুৰ ৰহমানকে ধৰি কে’বাজনো প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে৷ মূলতঃ আজিৰ বৈঠকত সংগঠনৰ নেতৃবৰ্গক মাদ্ৰাছাৰ সকলোধৰণৰ তথ্য-পাতি সংগ্ৰহ কৰিবলৈ আহ্বান জনায়৷ কোনখন মাদ্ৰাছাত কিমান ছাত্ৰ-ছাত্ৰী আছে, শিক্ষকগৰাকী ক’ৰ পৰা আহিছে আৰু সেই মাদ্ৰাছাখন পৰিচালনাৰ বাবে ধন ক’ৰ পৰা আহিছে সকলোধৰণৰ তথ্য সংগ্ৰহ কৰি প’ৰ্টেলত উপলব্ধ কৰাৰ আহ্বান জনায়৷ এতিয়াৰে পৰা মাদ্ৰাছাৰ সকলোধৰণৰ তথ্য প’ৰ্টেলত উপলব্ধ হ’ব৷ মাদ্ৰাছাসমূহ চৰকাৰে নিয়ন্ত্ৰণ কৰিব৷ বৈঠকৰ অন্তত ডিজিপি ভাস্কৰজ্যোতি মহন্তই কয় যে আজি মুছলমান সমাজৰ কে’বাটাও সংগঠনৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰা হৈছে আৰু তেওঁলোকৰ পৰা সহযোগিতা বিচৰা হৈছে৷ তেওঁলোকৰ সহযোগিতা অবিহনে সন্ত্ৰাসবাদী দমন কৰিব পৰা নাযাব৷ তেওঁ লগতে কয় যে ৰাজ্যত প্ৰায় এহেজাৰৰো অধিক মাদ্ৰাছা আছে৷ বিভিন্ন নিয়ম-নীতিৰ মাজেৰে মাদ্ৰাছাসমূহ চলে৷ মাদ্ৰাছাসমূহৰ তথ্য বিচৰা হৈছে আৰু সেই তথ্য প’ৰ্টেলত আপলোড কৰা হ’ব৷ ইপিনে, আজিৰ বৈঠকৰ পিছত উক্ত সংগঠনসমূহে এখন আহ্বায়ক কমিটী গঠন কৰিব বুলি জানিব পৰা গৈছে৷ ৰাজ্যত মুছলমান সংগঠনৰ সৈতে আজিৰ বৈঠকখন অনুষ্ঠিত হোৱাৰ ক্ষেত্ৰত এ আই ইউ ডি এফৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই নেতৃত্ব বহন কৰিছিল বুলি জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here