Home স্থানীয় বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণত জড়িত আল্লাউদ্দিনসহ তিনিজনক গ্ৰেপ্তাৰ

বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণত জড়িত আল্লাউদ্দিনসহ তিনিজনক গ্ৰেপ্তাৰ

320
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৭ মে’ ঃ বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা আৰু আৰক্ষীক আক্ৰমণ কৰা ঘটনাৰ অন্যতম অভিযুক্ত আল্লাউদ্দিনক নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ কালি নিশা এঘাৰ বজাত দৰং জিলাৰ বেছিমাৰী আৰু দৈপামৰ মাজৰ সংখ্যালঘু অধ্যুষিত এলেকাৰ পৰা আৰক্ষীয়ে আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰে৷ এই বিষয়ে আজি নগাঁৱত অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই সাংবাদিকৰ আগত সদৰী কৰি কয় যে অভিযুক্ত আল্লাউদ্দিনে নগাঁৱৰ পৰা পলাই গৈ দৰঙৰ মৌচিদাত আত্মগোপন কৰি আছিল৷ আল্লাউদ্দিনে আত্মগোপন কৰি থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰি কালি বিয়লি চ্ছ্ৰ বজাৰ পৰা অভিযান চলাইছিল৷ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা আৰক্ষী আৰু নগাঁও আৰক্ষীৰ সহযোগত চলা এই অভিযানৰ উমান পাই আল্লাউদ্দিনে মৌচিদাৰ পৰা পলায়ন কৰিছিল৷ আৰক্ষীয়েও বহুদূৰ খেদি গৈ নিশাই আল্লাউদ্দিনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আল্লাউদ্দিনৰ বিৰুদ্ধে বটদ্ৰৱা আৰক্ষী থানাত ড্ৰাগ্‌ছ সৰবৰাহ আৰু ডকাইতিৰ একাধিক গোচৰ পঞ্জীয়ন হৈ আছে৷ বৰ্তমান নগাঁও আৰক্ষীয়ে নগাঁৱলৈ আনি আল্লাউদ্দিনক জেৰা অব্যাহত ৰাখিছে৷ ধৃত আল্লাউদ্দিনৰ ঘৰ বটদ্ৰৱাৰ বাটমাৰীত৷ আজি আৰক্ষীয়ে মইনুল হক আৰু ইমৰান হুছেইন নামৰ দুজন অভিযুক্তক কৰায়ত্ত কৰিবলৈ সক্ষম হয়৷ ইতিমধ্যে গ্ৰেপ্তাৰ হোৱাসকলৰ ভিতৰত প্তজনক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ৷ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাই আজি সাংবাদিকৰ আগত জনোৱা মতে ৪৫ দিনৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব আৰু ৬০ দিনৰ ভিতৰত আৰক্ষীয়ে চাৰ্জশ্বীট দাখিল কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here