Home Main Stories মুকলি আকাশৰ তললৈ অখিলঃগৃহভূমি চেলেংহাটত আৱতৰীয়া দেৱালীঃ

মুকলি আকাশৰ তললৈ অখিলঃগৃহভূমি চেলেংহাটত আৱতৰীয়া দেৱালীঃ

214
0

পুত্ৰৰ মুক্তিত কেক কাটি মাতৃ প্ৰিয়দা গগৈয়ে ক’লে এতিয়া শিৱসাগৰ তথা অসমৰ বাবে কাম কৰিব লাগিব অখিলে

গণ বাৰ্তা নকছাৰি ১জুলাইঃ অখিল গগৈ নিয়াৰ গোচৰত দোষমুক্ত হৈ মুকলি আকাশৰ তললৈ অহাৰ বাতৰি বিয়পি পৰাৰ লগে লগে অখিল গগৈৰ গৃহভূমি মৰিয়নিৰ চেলেংহাট লুসুৰাখনবাসী উৎফুল্লিত হৈ পৰে। অখিল গগৈৰ গৃহ গাঁও লুসুৰাখনত দেখিবলৈ পোৱা গল কেৱল আনন্দৰ বন্যা। নিজৰ জেষ্ঠ কন্যাই অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ কথা মাতৃ প্ৰিয়দা গগৈক অৱগত কৰাৰ পিছতে এক আবেগিক পৰিৱেশৰ সৃষ্টি হয় বিধায়ক অখিল গগৈৰ লুসুৰাখনস্থিত বাসগৃহত।ন্যায়লয়ৰ ৰায়ক আদৰণি জনাই অখিল মাতৃ প্ৰিয়দা গগৈয়ে কয় যে “সত্যৰ সদায় জয়।আজি সততাৰ জয় হৈছে। মোৰ বিশ্বাস আছিল তাৰ ওপৰত। চৰকাৰে মিছা গোচৰ জাপি দি তাক জেলত ৰাখিছিল।আজি সি জেলৰ পৰা ওলোৱা কাৰনে মই আনন্দ পাইছো। মই তাক দেশ আৰু জাতিৰ কাৰনে সদায় কাম কৰিবলৈ ক’ম।সি সোণৰ অসম গঢ়ক তাকে কামনা কৰিছো” অখিলৰ মুক্তিৰ বাবে মাহৰ পিছত মাহ অপেক্ষা কৰি কেতিয়াবা মাতৃগৰাকী ন্যায়লয়ৰ ওপৰত কিঞ্চিত হলেও আস্থাহীন হৈ পৰিছিল যদিও আজিৰ ৰায়দানৰ পিছত নিজৰ সন্তোষ্টি প্ৰকাশ কৰি কয় যে “অখিলৰ মুক্তিৰ বাবে নিতৌ পুৱা গধুলি ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছিলো।এতিয়া ঘৰৰ লৰা ঘৰলৈ আহি শিৱসাগৰ সমষ্টিৰ লগতে ৰাজ্যখনৰ বাবে কাম কৰিব লাগিব অখিলে”।ইফালে অখিল গগৈৰ বৰ্ষীয়ান মাতৃ প্ৰিয়দা গগৈয়েই পুত্ৰৰ মুক্তিৰ আনন্দত গাঁওবাসীৰ সৈতে কেক কাটি আনন্দ প্ৰকাশ কৰে।ইফালে অখিল গগৈ মুকলি হোৱাৰ পিচত মৰিয়নিৰ চেলেং লুসুৰাখন গাঁওবাসী উৎফুল্লিত হৈ ফটকা আতছবাজী ফুটাই অখিল গগৈ জিন্দাবাদ,জয় আই অসম ধ্বনিৰে চেলেংহাটৰ আকাশ বতাহ কঁপাই তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here