Home অসম নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানলৈ কালিমা, অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

নগাঁৱৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানলৈ কালিমা, অধ্যক্ষৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ

120
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৯ এপ্ৰিল ঃ নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত তথা গৰিমামণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে মহাবিদ্যালয়খনৰে দুগৰাকী অধ্যাপিকাই যৌন নিৰ্যাতন আৰু মানসিক নিৰ্যাতন চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মহাবিদ্যালয়খনৰ হাৰ্বেল ছাইঞ্চ এণ্ড টেক্‌নলজী বিভাগৰ এগৰাকী অস্থায়ী অধ্যাপিকাই অধ্যক্ষগৰাকীৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি নগাঁও সদৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ নগাঁও চহৰখনক এডুকেচনেল হাব সৃষ্টি হোৱা বুলি উচ্চাৰিত হোৱাৰ বিপৰীতে এখন উচ্চ শিক্ষানুষ্ঠানৰ স্বয়ং মুৰব্বীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপিত হোৱাত সমগ্ৰ বৌদ্ধিক সমাজতে সৰৱ চৰ্চা আৰম্ভ কৰিছে। ইতিমধ্যে অধ্যাপিকাগৰাকীয়ে নগাঁও আৰক্ষীৰ ওচৰত দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে নগাঁও সদৰ আৰক্ষী থানাত ৪৩০-২২ নম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ এ, ৩৭৬, ৫১১ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। উল্লেখ্য যে বিগত সময়খিনিত অধ্যক্ষগৰাকীয়ে সহকৰ্মী আন এগৰাকী অধ্যাপিকাকো যৌন নিৰ্যাতন চলোৱাৰ লগতে অশালীন ইংগিত দিয়া, মানসিক নিৰ্যাতন চলোৱাৰ আন এক অভিযোগো আজি আৰক্ষীৰ ওচৰত দাখিল কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

মহিলা অধ্যাপিকাগৰাকীয়ে  থানাত দাখিল কৰা অভিযোগ অনুসৰি, অধ্যক্ষগৰাকীয়ে ব্যক্তিগত বাহনত এদিন অধ্যাপিকাগৰাকীক অকলশৰীয়াকৈ উঠাই জিলাখনৰ  কঠীয়াতলীৰ ৰেংবেঙত থকা মহাবিদ্যালয়ৰ দ্বাৰা পৰিচালিত বাগিচা পৰিদৰ্শন কৰিবলৈ লগত নিয়ে। উক্ত দিনা বাগিচাখন চোৱা-চিতা কৰা কৰ্মচাৰীগৰাকী নথকাৰ সুবিধাতে মহিলা অধ্যাপিকাগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। তদুপৰি অধ্যাপিকাগৰাকীৰ ম’বাইলত মেছেজ দি হেঁচা প্ৰয়োগ কৰা, অধ্যাপিকা নিযুক্তিৰ ক্ষেত্ৰতো নিজৰ ক্ষমতা প্ৰয়োগ কৰি নিৰ্যাতন চলোৱাৰ লগতে অধ্যক্ষগৰাকীক সহযোগ কৰিবলৈও চেষ্টা অব্যাহত ৰখা বুলি লিখিত অভিযোগনামাত উল্লেখ কৰিছে। আনহাতে, আনগৰাকী অধ্যাপিকাক মহাবিদ্যালয়খনৰ চৌহদৰ  ছাত্ৰী নিৱাসৰ ৱাৰ্ডেন নিযুক্ত কৰাৰ পাছত সন্ধিয়া সময়ত যৌন নিৰ্যাতন চলোৱাৰো চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। নিজৰ ক্ষমতাৰ অপব্যৱহাৰৰ কৰি সহকৰ্মী অধ্যাপিকাক কৰা নিৰ্যাতনৰ ঘটনাটো যদি সত্য হয় তেন্তে মহাবিদ্যালয়খনক কলংকিত কৰা বুলি স্বয়ং মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গই প্ৰকাশ কৰিছে। ইপিনে, অভিযোগকাৰী অধ্যাপিকা দুগৰাকীয়ে এই অভিযোগৰ প্ৰতিলিপি অসমৰ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, ৰাষ্ট্ৰীয় মহিলা আয়োগকে ধৰি সকলোলৈকে প্ৰেৰণ কৰি কৰ্মস্থলীত মহিলাৰ সুৰক্ষা আৰু নিৰাপত্তা সুনিশ্চিত কৰিবলৈ প্ৰাৰ্থনা জনায়। আনহাতে, আজি বিয়লি অধ্যক্ষগৰাকীয়ে তেওঁৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি অধ্যাপিকাগৰাকীৰ বিৰুদ্ধে আন এক লিখিত অভিযোগ আৰক্ষী থানাত দাখিল কৰিছে। এতিয়া কোন দোষী, কোন নিৰ্দোষী তদন্ত কৰি আৰক্ষীয়ে প্ৰকৃত সত্য উদ্‌ঘাটন কৰিব বুলি নগাঁওবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here