Home স্থানীয় দুভাগত বিভক্ত হল বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতি

দুভাগত বিভক্ত হল বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতি

169
0

দুভাগত বিভক্ত হল বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতি

প্ৰনামী মহন্ত , নাহৰকটীয়া,২৮ জুলাই :

নেতৃত্বৰ একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰিতাৰ বাবে অৱশেষত দুভাগত বিভক্ত হ’ল সদৌ বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতি। দীৰ্ঘদিন ধৰি ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিৰ্মলকান্তি শীল আৰু সম্পাদক বাপি চৰকাৰে জিলা খনত চলোৱা স্বেচ্ছাচাৰিতা আৰু একনায়কত্ববাদত অতিষ্ঠ হৈ জিলা সমিতিৰ একাংশ নেতাই সংগঠন ত্যাগ কৰি নতুনকৈ গঠন কৰিলে বাঙালী যুৱ-ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতি। আজি নাহৰকটীয়া প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই কথা সদৰি কৰিলে বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ নৱ নিযুক্ত সভাপতি সুব্ৰত লোধ আৰু সম্পাদকদ্বয় কাজল দে আৰু তাপস দাসে। উল্লেখ্য যে নৱ গঠিত জিলা সমিতি খনে সংবাদমেলত উত্থাপন কৰা অভিযোগ অনুসৰি বিগত ১২ টা বছৰে জিলাৰ সভাপতি সম্পাদকৰ পদ খামুচি ধৰি নিৰ্মলকান্তি শীল আৰু বাপি চৰকাৰে সংগঠনত একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰিতা চলোৱাৰ উপৰিও ১২ বছৰে অধিৱেশন অনুষ্ঠিত নকৰি সংগঠনৰ কোনোধৰণৰ হিচাপ নিকাচ ৰাজহুৱা নকৰি সংগঠনটো দুৰ্বল কৰাত উঠি পৰি লাগিলে। নতুন প্ৰজন্মক সুযোগ দিব নিবিছৰা জিলা সমিতিৰ স্বয়ম্ভূ সভাপতি নিৰ্মলকান্তি শীল আৰু স্বয়ম্ভূ সম্পাদক বাপি চৰকাৰৰ কাম কাজত অতিষ্ঠ হৈ অৱশেষত সংগঠন ত্যাগ কৰিবলৈ বাধ্য হ’ল ব্ৰুগড়,চাবুৱা,নাহৰকটীয়া,টিংৰাই,দুলীয়াজান,ৰাজগড়,নমৰূপকে ধৰি জিলা সমিতিৰ অধীনৰ অধিকাংশ আঞ্চলিক সমিতি। উল্লেখ্য যে সংগঠনটোৰ সংবিধানৰ নিয়ম অনুসৰি প্ৰতি তিনি বছৰৰ মুৰে মুৰে অধিৱেশন অনুষ্ঠিত কৰি প্ৰতিখন আঞ্চলিক সমিতিৰ ৭ জন সদস্যৰে জিলা সমিতি গঠন কৰিব লাগে যদিও বিগত ১২ টা বছৰে সংবিধান ভৰিৰে মোহাৰি একমাত্ৰ পদবীৰ লালসাত সভাপতি সম্পাদকৰ পদ খামুচী আছিল এই দুইগৰাকী স্বয়ম্ভূ নেতাই। ইফালে সংগঠনৰ এই দুই নেতাৰ কৰ্মকাণ্ডত অতিষ্ঠ হৈ উল্লেখিত আঞ্চলিক সমিতিৰ যৌথ প্ৰচেষ্টাত যোৱা ১৫ জুলাইত বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ডিব্ৰুগড় জিলা সমিতিখন পুনৰ গঠন কৰা হয়। ডিব্ৰুগড়ৰ নালীয়াপুলত অনুষ্ঠিত এক সভাত নাহৰকটীয়াৰ সুব্ৰত লোধক সভাপতি,টিংৰাইৰ কাজল দে’ক সম্পাদক (প্ৰশাসনীক বিভাগ) আৰু ডিব্ৰুগড়ৰ তাপস দাস (সংগঠন) হিচাপে লৈ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ ২৮ জনীয়া এখন পুৰ্ণাংগ সমিতি গঠন কৰা হয়। সংবাদমেলত নৱ নিযুক্ত সভাপতি, সম্পাদকে বাঙালী জনগোষ্ঠীক প্ৰতাৰণা আৰু প্ৰৱঞ্চনা কৰা স্বয়ম্ভু নেতা নিৰ্মল কান্তি শীল আৰু বাপি চৰকাৰৰ নেতৃত্বাধীন সমিতিৰ সৈতে ডিব্ৰুগড় জিলাৰ বাঙালী সম্প্ৰদায়ৰ লোকসকলক কোনোধৰণৰ যোগাযোগ নাৰাখিবলৈ আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here