Home অসম নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং কমপ্লে’ত চিণ্ডিকেটৰাজঃ তেল পৰিবাহী টেংকাৰৰ পৰা প্ৰতিমাহে অবৈধভাৱে ৫...

নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং কমপ্লে’ত চিণ্ডিকেটৰাজঃ তেল পৰিবাহী টেংকাৰৰ পৰা প্ৰতিমাহে অবৈধভাৱে ৫ লক্ষাধিক টকা সংগ্ৰহৰ অভিযোগঃ

60
0

গণ বাৰ্তা বিশেষ, বোকাখাত, ৪ জুন : অসম চুক্তিৰ আধাৰত স্থাপিত নুমলীগড় তেল শোধনাগাৰৰ মাৰ্কেটিং কমপ্লেক্সত এটা সংগঠনে ছিণ্ডিকেটৰাজ চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে শোধনাগাৰটোৰ চালক আৰু সহায়ক সংস্থাই । উত্থাপিত অভিযোগ অনুসৰি এন.আৰ.এল. পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন নামৰ সংগঠনটোৱে পেট্ৰ’লিয়াম সামগ্ৰী পৰিবাহী টেংকাৰৰ পৰা অবৈধভাৱে বৃহৎ পৰিমাণৰ অৰ্থ সংগ্ৰহ কৰি আহিছে। আজি গোলাঘাট জিলা চালক সংস্থাৰ অধীনস্থ নুমলীগড় ৰিফাইনেৰী পেট্ৰ’লিয়াম ড্ৰাইভাৰ এণ্ড হেল্পাৰ ইউনিয়ন নামৰ সংগঠনটোৰ তৰফৰ পৰা বোকাখাতত এক সংবাদমেলৰ আয়োজন কৰে। বোকাখাতত থকা সংগঠনটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলখনত গোলাঘাট জিলা ড্ৰাইভাৰ সন্থাৰ সম্পাদক বিজয় সিংহই সদৰী কৰা অনুসৰি এন.আৰ.এল. পেট্ৰ’লিয়াম মজদুৰ ইউনিয়ন নামৰ সংগঠনটোৰ নামত শোধনাগাৰত ‘লোড’ হোৱা প্ৰতিখন টেংকাৰৰ পৰা প্ৰতিদিনে সংগ্ৰহ কৰে ৩০ টকাকৈ । উক্ত সংগঠনটোৰ জনৈক শচীন সিং নামৰ চালক এজনৰ নাম উল্লেখ কৰি সম্পাদকজনে অভিযোগ কৰে যে তেওঁ কেইজনমান উদণ্ড যুৱকক লৈ গঠন কৰিছে সংগঠনটো আৰু তেওঁৰ নেতৃত্বতেই চলি আছে উক্ত অবৈধ ধন সংগ্ৰহ কাৰ্য। প্ৰথম অৱস্থাত বলীন গগৈ নামৰ ব্যক্তিগৰাকীক সভাপতি হিচাপে লৈ সংগঠনটো গঠন কৰা হৈছিল যদিও একাংশ সদস্যই টেংকাৰ চালকৰ পৰা ধন সংগ্ৰহ কৰাৰ বাবে সংগঠনৰ পৰা বলীন গগৈয়ে পদত্যাগ কৰে। তেতিয়াই কেন্দ্ৰীয় সমিতিয়ে নুমলীগড় তেল শোধনাগাৰৰ সমিতিখন ভংগ কৰি দিযে। কিন্তু তাৰ পিছতো শচীন সিং নামৰ লোকজনৰ নেতৃত্বত প্ৰতিখন টেংকাৰৰ পৰা ৩০ টকাকৈ সংগ্ৰহ কৰা কাৰ্য চলিয়েই আছে । সংবাদমেলখনত সদৰী কৰা অনুসৰি নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং কমপ্লেক্সত প্ৰতিদিনে লোডিং হয় প্ৰায় ৬০০খন টেংকাৰ । সেই অনুসৰি প্ৰতিদিনে টেংকাৰসমূহৰ পৰা সংগ্ৰহ কৰা হয় ১৮ হাজাৰকৈ টকা । সেই হিচাপে প্ৰতিমাহে ৫ লাখ ৪০ হাজাৰ টকা সংগ্ৰহ হয় । কোনো বৈধ ছীল-মোহৰ নথকা ৰিচিপ্টৰ জৰিয়তে তেনেদৰে ধন সংগ্ৰহ কৰাৰ বাবে গোলাঘাট জিলা চালক, সহ-চালক সন্থাই যোৱা ৪ মাৰ্চত শচীন সিং আৰু নুমলীগড় তেল শোধনাগাৰ পেট্ৰ’লিয়াম মজদুৰ ইউনিয়নৰ বিৰুদ্ধে গোলাঘাট সদৰ থানাত এজাহাৰো দাখিল কৰে । গোলাঘাট সদৰ থানাই নুমলীগড় আৰক্ষী চকীক বিষয়টো তদন্তৰ দায়িত্ব দিয়ে যদিও আজি পৰ্যন্ত বিষয়টোৰ সম্পৰ্কত আৰক্ষীয়ে তদন্ত কৰা নাই বুলিও সম্পাদকজনে অভিযোগ কৰে । ইফালে এজাহাৰ দিয়াৰ পাছতো ভাবুকি প্ৰদানেৰে আজিও ধন সংগ্ৰহ অব্যাহত ৰাখিছে শচীন সিঙৰ নেতৃত্বত থকা সংগঠনটোৱে। আনহাতে যদিহে টেংকাৰবোৰে প্ৰতিদিনে ৩০ টকাকৈ দিবলৈ অস্বীকাৰ কৰে, তেতিয়া টেংকাৰ লোড কৰাত বাধা প্ৰদান কৰে বুলিও গুৰুতৰ অভিযোগ কৰে একাংশ চালকে । আজিৰ সংবাদমেলখনত গোলাঘাট জিলা ড্ৰাইভাৰ সন্থাৰ সম্পাদক বিজয় সিংহ, নুমলীগড় ৰিফাইনেৰী পেট্ৰ’লিয়াম ড্ৰাইভাৰ এণ্ড হেল্পাৰ ইউনিয়নৰ সভাপতি ইনাও সিংহ আৰু অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here