Home অসম বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৰ জয়

বিটিচিৰ কোকলাবাৰী পৰিষদীয় সমষ্টিৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থী মণ্টু বড়োৰ জয়

116
0


গণ বাৰ্তা, মুছলপুৰ, ১২ জুন ঃ
যোৱা ৮ জুনত অনুষ্ঠিত হোৱা বিটিচিৰ পৰিষদীয় উপ-নিৰ্বাচনত আজি ঘোষিত ফলাফলত ইউপিপিএল-বিজেপি-জিএছপি মিত্ৰজোঁটে আশানুৰূপ ফলাফল লাভ কৰিবলৈ সক্ষম হয়৷ বিটিচিৰ বাক্সা জিলাৰ অন্তৰ্গত ২২নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ আজি ঘোষিত উপ-নিৰ্বাচনৰ ফলাফলত মিত্ৰজোঁটৰ প্ৰাৰ্থী মKI×ু বড়োৱে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিপিএফৰ শংকৰ বসুমতাৰীক ১৬,৩৪৬টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বাক্সা জিলাৰ মুছলপুৰস্থ জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত ভোটগণনাৰ অন্তত ইউপিপিএলৰ প্ৰাৰ্থী মKI×ু বড়োৱে ৩২,৫৭১টা ভোট পোৱাৰ বিপৰীতে বিপিএফৰ প্ৰাৰ্থী শংকৰ বসুমতাৰীয়ে ১৬,২২৫টা ভোট লাভ কৰে৷ আনহাতে, সমষ্টিটোত ভিপিআই দলৰ প্ৰাৰ্থী লৱ কুমাৰ বসুমতাৰীয়ে ৭৩৬টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী হীৰেন শৰণীয়াই লাভ কৰে ৰ,২২৬টা ভোট৷ বিজয়ী ঘোষণাৰ পিছত মণ্টু বড়োৱে সাংবাদিকৰ আগত কোকলাবাৰী সমষ্টিৰ ৰাইজে বিশ্বাস আৰু মৰমৰে ভোটদান কৰি জয়যুক্ত কৰাৰ বাবে সমষ্টিবাসীক ধন্যবাদ জ্ঞাপন কৰে৷ বৰ্তমানৰ কেন্দ্ৰীয়, ৰাজ্য আৰু বিটিচিৰ শাসনত থকা মিত্ৰজোঁটৰ চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ বাবেই ৰাইজে তেওঁক ভোটদান কৰি জয়যুক্ত কৰা বুলি কয়৷ ভৱিষ্যতে মKI×ু বড়োৱে বিটিচি পৰিষদত কাৰ্যবাহী সদস্যৰ পদ পাব বুলিও আশা প্ৰকাশ কৰে সাংবাদিকৰ আগত৷ উল্লেখ্য যে বিগত বিটিচি নিৰ্বাচনত গয়বাৰী আৰু কোকলাবাৰী দুটাকৈ পৰিষদীয় সমষ্টিৰ পৰা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে বিজয়ী হৈছিল৷ কিন্তু শেহতীয়াভাৱে প্ৰমোদ বড়োৱে কোকলাবাৰী সমষ্টিৰ পৰা পদত্যাগ কৰাত ৰাজ্যিক নিৰ্বাচন আয়োগে সমষ্টিটোত যোৱা জ্জ্ব জুনত উপ-নিৰ্বাচন অনুষ্ঠিত কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here