Home নগাঁও আমনিত নৃশংস হত্যাকাণ্ড

আমনিত নৃশংস হত্যাকাণ্ড

51
0

গণ বাৰ্তা, চামগুৰি, ১২ অক্টোবৰ ঃ নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত আমনিত দুৰ্গা পূজাৰ সপ্তমীৰ সন্ধিয়া সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ড। প্ৰায় ৪০ বৰ্ষীয় এজন উন্মাদ অচিনাক্ত যুৱকে ইউনিছ আলী (৬০) নামৰ খুজি-মাগি খোৱা লোকজনক দাৰে ঘপিয়াই হত্যা কৰে। আমনি স্বাস্থ্য উপকেন্দ্ৰৰ সন্মুখৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হত্যাকাণ্ড কৰাৰ পাছত পুনৰ আমনিৰ আন দুজন লোকক ঘপিয়াই আহত কৰে যুৱকজনে। ড্ৰাগ্‌ছ আসক্ত বুলি স্থানীয় লোকে সন্দেহ কৰা যুৱকজনৰ এনে কাণ্ডৰ পাছত স্থানীয় ৰাইজে হত্যাকাৰী যুৱকজনক কৰায়ত্ত কৰি উত্তম-মধ্যম দি চামগুৰি আৰক্ষীক চমজাই দিয়ে। সন্ধিয়া সংঘটিত ঘটনাটোৰ পাছত চামগুৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here