Home Main Stories বিধানসভাত আমিনুল ইছলামৰ মন্তব্য : গো-সুৰক্ষা আইনে সমাজৰ সংহতিত আঘাত হানিব

বিধানসভাত আমিনুল ইছলামৰ মন্তব্য : গো-সুৰক্ষা আইনে সমাজৰ সংহতিত আঘাত হানিব

26
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মে’ : গো-সুৰক্ষাৰ কথা কৈ ইয়াৰ বাবে নতুনকৈ আইন আনিলে ৰাজ্যত ধৰ্মীয় বিভেদ বৃদ্ধি পাব। বহুক্ষেত্ৰত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হ’ব। তদুপৰি এনে আইনে বিভেদ বৃদ্ধি কৰাৰ উপৰি গণপ্ৰহাৰ আদিকো উদগনি যোগাব। সেয়ে এনেকুৱা আইন আনিব নালাগে, যিয়ে সমাজৰ সংহতিত আঘাত হানে। —আজি ৰাজ্যপালৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱত আলোচনা আগবঢ়াই এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে এইদৰে উল্লেখ কৰাৰ লগতে ৰাজ্যৰ কৃষকসকলে সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰে। ৰাজ্যখনৰ অধিকাংশ পৰিয়ালেই কৃষিখণ্ডৰ ওপৰতে নিৰ্ভৰশীল। কিন্তু সম্প্ৰতি বিভিন্ন ছিণ্ডিকেট চলাৰ লগতে শাক-পাচলি পৰিবহণৰ ক্ষেত্ৰত আৰক্ষীকো উপঢৌকন দিবলগীয়া হোৱাত প্ৰকৃত কৃষকে উচিত মূল্য লাভ কৰা নাই। চৰকাৰে ধানৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কুইণ্টলত ১,৬০০ টকা ধাৰ্য কৰিছে যদিও সম্প্ৰতি বজাৰত ৭০০ টকাত ধান বিক্ৰী হৈ আছে। তেনেক্ষেত্ৰত ন্যূনতম সমৰ্থন মূল্য ধাৰ্য কৰাটোত অৰ্থ কি থাকিল বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here