Home অসম আমিনুল-কৰিমুদ্দিনৰ দৰে মানুহক মই কিয়, মোৰ চৈধ্যগোষ্ঠীয়েও ক্ষমা নোখোজে : ইউ ডি...

আমিনুল-কৰিমুদ্দিনৰ দৰে মানুহক মই কিয়, মোৰ চৈধ্যগোষ্ঠীয়েও ক্ষমা নোখোজে : ইউ ডি এফৰ নেতাক ক্ষমা খোজাতকৈ মৰি যোৱাই ভাল: মন্ত্ৰী পীযুষ হাজৰিকা

83
0


গণ বাৰ্তা, তেজপুৰ, ৩ আগষ্ট: আমিনুল ইছলাম, কৰিমুদ্দিন বৰভূঞাৰ দৰে মানুহক ক্ষমা খোজাতকৈ মৰি যোৱাই ভাল৷ মই কিয়, মোৰ চৈধ্য গোষ্ঠীয়েও সেইবোৰ মানুহৰ ওচৰত কেতিয়াও ক্ষমা নোখোজে বুলি আজি তেজপুৰত স্পষ্ট কৰি দিলে মন্ত্ৰী পীয়ূষ হাজৰিকাই৷ উল্লেখ্য যে জেহাদী সম্পৰ্কত মন্তব্য কৰা মন্ত্ৰী পীয়ূষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাক এই আই ইউ ডি এফৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাই ২৪ ঘণ্টাৰ ভিতৰত জেহাদীৰ সৈতে সম্পৰ্কৰ প্ৰমাণ দিবলৈ দাবী কৰিছিল অন্যথা দুয়োগৰাকী মন্ত্ৰীক ক্ষমা খুজিবলৈ দাবী জনাইছিল৷ ইয়াৰ পিছতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজি তেজপুৰত মন্ত্ৰী হাজৰিকাই কৰিমুদ্দিনৰ এনে মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে আৰু কয় যে মই ক্ষমা নোখোজোঁ, কি কৰে কৰক৷ মই কিয়, মোৰ সন্তান অথবা চৈধ্য গোষ্ঠীয়েও সেইসকল মানুহৰ ওচৰত ক্ষমা নোখোজে৷ চৈধ্য গোষ্ঠী কি হয়তো তেওঁলোকে নাজানিবও পাৰে৷ কাৰণ তেওঁলোকৰ সংস্কৃতি আমাৰ লগত নিমিলে৷ ইফালে, জেহাদীৰ অভিযোগ আনিলে অনাগত দিনত নিয়ন্ত্ৰণবিহীন আন্দোলনৰ সন্মুখীন হ’ব লাগিব বুলি হুমকি দিয়া সন্দৰ্ভত মন্ত্ৰী হাজৰিকাই কয় যে অনিয়ন্ত্ৰিত বা নিয়ন্ত্ৰণহীন শব্দৰে কি বুজাব বিচাৰিছে৷ এই আন্দোলনৰ অৰ্থ যিয়েই নহওক কিয় জেহাদী কাৰ্যকলাপ হ’ব নোৱাৰিব৷ তেনে কাৰ্যকলাপ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিব৷ আনহাতে, কংগ্ৰেছ-এ আই ইউ ডি এফ দলত মুখ্যমন্ত্ৰীৰ প্ৰভাৱ আছে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয় যে সদনৰ নেতা হিচাপে মুখ্যমন্ত্ৰীৰ লগত সকলোৰে ভাল সম্পৰ্ক৷ তাৰ মানে এইটো নুবুজায় যে অন্য দলৰ ওপৰত প্ৰভাৱ থাকিব৷ অৱশ্যে কংগ্ৰেছ দলত ২০ বছৰ কাল থকা হেতুকে দলটোৰ বহু নেতা-কম¹য়ে মুখ্যমন্ত্ৰীক পূৰ্বৰে পৰা ভাল পায়৷ এটা সময়ত ড॰ হিমন্ত বিশ্ব শৰ্মাৰ পক্ষত কংগ্ৰেছৰ ৫৫জন বিধায়কে থিয় দিছিল৷ গতিকে সেইসকল ব্যক্তিৰ প্ৰতি নিশ্চিতভাৱেই ভালভাব থাকিবই৷ আনহাতে, বৰ্তমান কংগ্ৰেছ দলৰ স্থিতি সম্পৰ্কত সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে ঘৰে ঘৰে ত্ৰিৰংগ পতাকা অভিযানৰ বাবে প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ লগতে সামাজিক মাধ্যমতো ডি পি অথবা প্ৰফাইল পিক্‌চাৰত জাতীয় পতাকা সংলগ্ন কৰাৰ আহ্বান জনাইছিল৷ কিন্তু কংগ্ৰেছৰ বহু নেতা-কম¹য়ে এই ডি পিত জৱাহৰলাল নেহৰুৰ লগতে পতাকাৰ ছবি সন্নিৱিষ্ট কৰিছে৷ পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰতি আমাৰ সন্মান আছে৷ কিন্তু কংগ্ৰেছে পুনৰ গান্ধী-নেহৰুৰ পৰিয়ালৰ মোহ যে এৰিব পৰা নাই শেহতীয়াকৈ পুনৰ প্ৰমাণ কৰিছে৷ ইফালে, মন্ত্ৰী অশোক সিংঘালে কংগ্ৰেছ বুৰঞ্জী হ’ব বুলি কোৱা ৰিপুণ বৰাৰ ভাষ্যৰ প্ৰসংগত কয় যে কংগ্ৰেছৰ বুৰঞ্জীও লাহে লাহে মানুহে পাহৰিবলৈ লৈছে৷ ইয়াৰ বাবে দায়ী বৰ্তমানৰ একাংশ নেতা৷ এতিয়া কংগ্ৰেছ ডাইন’ছৰৰ দৰে দুষ্প্ৰাপ্য হৈ পৰিব বুলিও কটাক্ষ কৰে মন্ত্ৰী সিংঘালে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here