আমগুৰি নগৰৰ মাজমজিয়াত নগালেণ্ড চৰকাৰৰ দুটাকৈ পৰিত্যক্ত কাৰ্যালয়ঃ ২২ বিঘাৰো অধিক মাটিকালিৰ ভূমিত নগালেণ্ড চৰকাৰৰ কাৰ্যালয়

গণ বার্তা, আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অসম নগালেণ্ড সীমান্তত নগালেণ্ড প্ৰশাসনৰ বিধিপথালিৰ বাবেই আজি পৰ্যন্ত বিঅপি স্থাপন কৰিবলৈ অসম চৰকাৰ ব্যৰ্থ হোৱাৰ সময়তে আমগুৰি নগৰৰ মাজমজিয়াত ২২ বিঘাৰো অধিক মাটিকালিৰ এলেকাত নগালেণ্ড চৰকাৰৰ দুটাকৈ কাৰ্লাযালয় পৰিত্যক্ত অৱস্থাত থকা কাৰ্যই ৰাইজৰ চকু কপালত তুলিছে। উল্লেখযোগ্য যে, শিৱসাগৰ জিলাৰ আমগুৰি পৌৰসভাৰ ৭নং ৱাৰ্ডত নগালেণ্ড চৰকাৰৰ ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয় আৰু ২নং ৱাৰ্ডত নগালেণ্ড চৰকাৰৰ গড়কপ্তানী বিভাগৰ কাৰ্যালয় দুটা বহু বছৰধৰি পৰিত্যক্ত অৱস্থাত থকা কাৰ্যই সম্প্ৰতি ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । প্ৰাপ্ত তথ্যমতে শিৱসাগৰ জিলাৰ আমগুৰি ৰাজহ চক্ৰৰ বৰবাম মেৰুৱাহোলা গ্ৰাণ্টৰ ২০ নম্বৰ দাগৰ প্ৰায় ১২ বিঘা ভূমি আৱৰি থকা নগালেণ্ড ৰাজ্যিক পৰিবহন নিগমৰ কাৰ্যালয়,আস্থান আৰু কৰ্মচাৰীৰ আবাসগৃহৰ উপৰিও আমগুৰি পৌৰসভাৰ ২নং ৱাৰ্ডৰ (আমগুৰি সাপ্তাহিক বজাৰ সমীপত)প্ৰায় ১০ বিঘা ভূমিৰে নগালেণ্ড চৰকাৰৰ গড়কপ্তানী বিভাগৰ কাৰ্যালয়, গুদাম ঘৰ, কৰ্মচাৰীৰ আবাসগৃহ আৰু পৰিদৰ্শন বঙলাটো বিগত বহু বছৰ ধৰি পৰিত্যক্ত অৱস্থাত আছে যদিও অসমৰ ভূমিত  নগালেণ্ড চৰকাৰৰ এই কাৰ্যালয় দুটা কেতিয়া,কি ভিত্তিত অসম চৰকাৰ অথবা শিৱসাগৰ জিলা প্ৰশাসনে স্থাপন কৰিবলৈ দিছিল তাৰ কোনো তথ্য পাবলৈ নাই ।

অন্যহাতে এই কাৰ্যালয় দুটা অসমৰ ভূমিত থকাৰ বাবদ নগালেণ্ড চৰকাৰে অসম চৰকাৰক কোনো ৰাজহ আদায় দিয়াৰো কথা জনা নেযায় । তেনেস্থলত আমগুৰি নগৰৰ মাজমজিয়াত নগালেণ্ড চৰকাৰৰ এই  কাৰ্যাালয় দুটাৰ ক্ষেত্ৰত  অসম চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক কথা বুলি বিবেচিত হৈছে। যি সময়ত চৰকাৰী ভূমিৰ অভাবৰ বাবে আমগুৰিত অসম চৰকাৰৰ বহুকেইটা কাৰ্যালয় লাখ লাখ চৰকাৰী ধন ব্যয় কৰি দীর্ঘদিন ধৰি  ভাড়াঘৰতে চলি আছে তেনেস্থলত আমগুৰি নগৰৰ মাজমজিয়াত ইমান বৃহৎ সংখ্যক চৰকাৰী ভূমি নগালেণ্ড চৰকাৰে দখল কৰি থকা কাৰ্যত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰি নগালেণ্ড চৰকাৰৰ এই কাৰ্যালয় দুটাৰ ক্ষেত্ৰত অসম চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰাটো ৰাইজে কামনা কৰিছে।

Assamnews
Comments (0)
Add Comment