চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমূহীয়া শিকন কেন্দ্ৰ(COMMUNITY LEARNING HUB)ৰ শুভ উদ্ধোধন।

গোলাঘাট পূৱ শিক্ষা খণ্ডৰ চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ অধিনষ্ঠ চান্দমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড. সমিৰণ বৰাই এটি সমূহীয়া শিকণ কেন্দ্ৰ অথবা কমিউনিটি লাৰ্নিং হাবৰ শুভ উদ্ধোধন কৰে। কেন্দ্ৰটোৰ শুভ উদ্ধোধন কাৰ্যসূচীত অংশ গ্ৰহন কৰে গোলাঘাট পূৱ শিক্ষাখণ্ড ৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া প্ৰণব কুমাৰ বৰাৰ লগতে মণ্ডল সমল কেন্দ্ৰ সম্বনয়ক সকলে। কেন্দ্ৰটোৰ মূখ্য আকৰ্ষণ হিচাপে পূৱ শিক্ষা খণ্ডৰ দুজন মণ্ডল কেন্দ্ৰ সম্বনয়ক পাৰ্শ্বজ্যোতি শৰ্মা আৰু গিৰিন্দ্ৰ বৰাই নিজা প্ৰচেষ্টাৰে প্ৰস্তুত কৰি উলিওৱা এটি স্ব-শিকন সমল “শব্দৰ ধেমালী” নামৰ এটি ব্যতিক্ৰমী শিকন সামগ্ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।

চান্দমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি জুমি দুৱৰাৰ সভাপতিত্বত গোলাঘাট নগৰৰ কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত আয়োজিত সভাত ৰাইজৰ প্ৰতিনিধি হিচাপে ড. জুৰি দেবী, মুনিন শৰ্মাকে প্ৰমুখ্য কৰি কেইবাজনো গন্যমান্য ব্যক্তি উপস্থিত থাকে। উক্ত সমূহীয়া শিকন কেন্দ্ৰটোৰ জৰিয়তে চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ লগতে টাউন বালিকা মণ্ডল সমল কেন্দ্ৰ আৰু ৰূপজ্যোতি নগৰ মণ্ডল সমল কেন্দ্ৰৰ ছাত্ৰ ছাত্ৰী সকলো উপকৃত হ’ব বুলি মণ্ডল সমল কেন্দ্ৰ সম্বনয়ক দেৱজিত গগৈ ৰ লগতে সুদক্ষীণা শইকীয়া আৰু ঋতুপৰ্না গগৈএ মন্তব্য কৰে।

সকলোৰে সহায় সহযোগিতাৰ বাবে চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ সম্বনয়ক পাৰ্শ্বজ্যোতি শৰ্মা আৰু চান্দমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মালবিকা শইকিয়াকে প্ৰমূখ্য কৰি শিক্ষক গোটে ধন্যবাদ জ্ঞাপন কৰিছে।

AssamCOMMUNITY LEARNING HUBnews
Comments (0)
Add Comment