টিংখাঙৰ লেঙেৰীত ৪ মে’ৰ পৰা ৰঙালী উৎসৱৰ মহা আয়োজন ৷

টিংখাঙৰ লেঙেৰীত ৪ মে’ৰ পৰা ৰঙালী উৎসৱৰ মহা আয়োজন ৷ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠানৰ আয়োজন৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতাত অংশ ল’ব দেশ-বিদেশৰ বহু প্ৰতিযোগীয়ে ৷ ৫ মে’ত উপস্থিত থাকিব কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিভা ভৌমিক৷ টিংখাঙত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে বিধায়ক তথা মন্ত্ৰী বিমল বৰাই ৷

য’ত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ গীত- মাত, লোক-নৃত্য, পৰম্পৰাগত খাদ্য,খেল-ধেমালি, পোছাক পৰিচ্ছদ আদি একেখন মঞ্চতে উপস্থাপন কৰা হ’ব। তাৰোপৰি ক্ৰীড়া জগতৰ বিভিন্ন তাৰকাৰ লগতে , সংগীত তথা বোলছবি জগতৰ জনপ্ৰিয় শিল্পী সকল উপস্থিত থাকিব। উক্ত অনুষ্ঠানত সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোগতা সকলে।

Assam
Comments (0)
Add Comment