টি -২০ বিশ্বকাপৰ বিজেতাই লাভ কৰিব ১৩.৩৬ কোটি টকা

নতুন দিল্লী, ৪ মে’: টি-২০ বিশ্বকাপ ২০২৪ ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাৰ ভূমিত খেলা হ’ব। এই প্ৰতিযোগিতাখন ২ জুনৰ পৰা আৰম্ভ হ’ব। একে সময়তে, টি-২০ বিশ্বকাপৰ ফাইনেল ২৯ জুনত অনুষ্ঠিত হ’ব। শেহতীয়াকৈ, ভাৰতে টি-২০ বিশ্বকাপৰ বাবে ইয়াৰ ১৫ জনীয়া দল ঘোষণা কৰে। হাৰ্ডিক পাণ্ডিয়া ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াৰ উপ-অধিনায়কৰ ভূমিকাত থাকিব। ভাৰতীয় দলটোৱে আয়াৰলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপ অভিযান আৰম্ভ কৰিব। ভাৰত আৰু আয়াৰলেণ্ডৰ মাজৰ খেলখন ৫ জুনত অনুষ্ঠিত হ’ব। ইয়াৰ পিছত, টীম ইণ্ডিয়াই তেওঁলোকৰ দ্বিতীয় খন খেলত ৯ জুনত পাকিস্তানৰ বিৰুদ্ধে খেলিব।কিন্তু এতিয়া ক্ৰিকেট অনুৰাগীৰ মনত এটা প্ৰশ্ন উদয় হৈ আছে যে টি-২০ বিশ্বকাপৰ পুৰষ্কাৰৰ ধন কিমান? টি-২০ বিশ্বকাপৰ মুঠ পুৰস্কাৰৰ ধন হৈছে ৫.৬ নিযুত ডলাৰ। যদি ভাৰতীয় টকাৰ মূল্য লক্ষ্য কৰা হয় তেন্তে ই হৈছে প্ৰায় ৪৬.৭৭ কোটি টকা। একে সময়তে, বিশ্বকাপ জয় কৰা দলটোৱে ১.৬ নিযুত ডলাৰ লাভ কৰিব। এই মূল্য ভাৰতীয় টকাত ১৩.৩৬ কোটি। আনহাতে ৰানাৰ্ছ-আপে ৬.৬৮ কোটি টকা লাভ কৰিব। টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত পৰাজিত দলসমূহে ৩.৩২ কোটি টকা লাভ কৰিব। আনহাতে চুপাৰ-১২ পৰ্যায়ৰ বাহিৰত থকা দলবোৰৰ মাজত ৫.৮৫ কোটি টকা বিতৰণ কৰা হ’ব। অৰ্থাৎ, এই পৰিমাণটো সকলো দলৰ মাজত বিভক্ত কৰা হ’ব।

Comments (0)
Add Comment