তিনিচুকীয়াত “তিনিচুকীয়া সন্মিলন কেন্দ্ৰ” শুভউদ্বোধন ড° হিমন্ত বিশ্ব শৰ্মাৰ ।

তিনিচুকীয়া জিলাত আয়োজিত “উপায়ুক্ত সন্মিলন”ৰ প্ৰাক মুহূৰ্তত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা “তিনিচুকীয়া সন্মিলন কেন্দ্ৰ” শুভউদ্বোধন ৷ অসমৰ দ্বিতীয়টো এনেধৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই সন্মিলন কেন্দ্ৰটো আলোচনাকক্ষ, অভ্যৰ্থনা কক্ষ, জিৰণি কক্ষ, সুৰক্ষা কৰ্মীৰ কক্ষ আদি বিভিন্ন সা-সুবিধাৰে পৰিপূৰ্ণ কৰি চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানে ব্যৱহাৰ কৰিব পৰাকৈ আটকধুনীয়াকৈ নিৰ্মাণ কৰা হৈছে।

কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলী , ৰাজ্য চৰকাৰৰ অতুল বৰা ৰঞ্জিত কুমাৰ দাস , চন্দ্ৰ মোহন পাটোৱাৰী , উৰ্খাও গৌৰা ব্ৰহ্ম অজন্তা নেওগ ডাঃ ৰনোজ পেগু , পৰিমল শুক্লবৈদ্য সঞ্জয় কিশান , যোগেন মহন, বিমল বৰা , শ্ৰী অশোক সিংহল , জয়ন্ত মল্লবৰুৱা আৰু নন্দিতা গাৰ্লোচা লগতে বিধায়ক ৰূপেশ গোৱালা, সুৰেন ফুকন, তৰংগ গগৈ, ৰাজ্য চৰকাৰৰ মুখ্যসচিব পৱন বৰঠাকুৰ সমন্বিতে উচ্চ পদস্থ বিষয়া সকল উপস্থিত থাকে ৷

Assamcmnews
Comments (0)
Add Comment