বৰপেটাৰোডত ৰাজ সাহায্যযুক্ত কলা সাৰৰ বিৰুদ্ধে বৃহৎ আৰক্ষীৰ অভিযান

আমিনুল হক, বৰপেটা ৰোডঃ বৰপেটা-বাক্সা আৰক্ষীৰ অভিযানত বৰপেটাৰোডৰ ৰাজু পথৰ গুদামৰ পৰা উদ্ধাৰ হাজাৰ হাজাৰ বস্তা ইউৰিয়া আৰু ডি এ পি আদিকৰি ৰাজসাহায্যযুক্ত কলা সাৰ। বাক্সা শালবাৰী মহকুমা আৰক্ষী বিষয়া নিলোৎপল শইকীয়াৰ নেতৃত্বত চলা অভিযানত জব্দ কোটি কোটি টকাৰ ৰাজসাহাৰ্য্যযুক্ত ইউৰীয়া সাৰ। সাৰৰ চোৰাং বেহাৰ সৈতে জড়িত নায়েব আলী সম্প্ৰতি পলাতক৷

যোৱা নিশা গোপন তথ্যৰ ভিত্তিত শিমলাগুৰী আৰক্ষীয়ে নকল সাৰ ভৰ্তি AS 15C 6780 নম্বৰৰ বলেৰো পিক আপ ভান এখন তহল দি থকা অৱস্থাত শিমালাগুৰী পহৰা চকীৰ আৰক্ষীয়ে আটক কৰে। এই ঘটনাৰ আলম লৈ আৰক্ষীয়ে অভিযান চলাই বৰপেটাৰোডৰ ৰাজু পথত থকা নায়েব আলীৰ নিজ গৃহত থকা গুদামৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ ভাৱে মজুত কৰি ৰখা সাৰ জব্দ কৰে। আৰক্ষীয়ে নায়েৱ আলীৰ বাসগৃহৰ পৰা ভাৰত ডি এ পি, তাৰা -চি এন কেলচিয়াম, IPL DAP-2200 পেকেট, IPL MOP পটাছ-2500 পেকেট, ইফকো ইউৰীয়া- 1050 পেকেট, SSP-800 ,Vitamin- 400 nos, পৰশ DAP, ইফকো DAP, কাঞ্চন চুপাৰ ফচফেট, মহাৰাষ্ট্ৰ বীজ, বাঘ মাৰ্কা পাট বীজ আদিকৰি কেইবাটাও কোম্পানীৰ সাৰৰ লগতে অৰ্জুন গোল্ড চৈয়েল, বিগ -বি বৰণ ১০.৫%, ইন্দোফিল M-45 ভিটামিনৰ পেকেত আৰু কণ্টেইনৰৰ লগতে সাৰ পেটেক কৰিবলৈ ব্যৱহৃত ছিলাই মেছিন, উজন মেছিন, আদিকৰি বৃহত পৰিমানে আপত্তিজনক সামগ্ৰী জব্দ কৰে। এতিয়াও অভিযান অব্যাহত আছে যদিও এই বিষয়ে মন্তব্য প্ৰকাশ কৰা নাই আৰক্ষী বিষয়ায়৷

AssamBarpeta Roadnews
Comments (0)
Add Comment