সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই মঙলবাৰে ৰাজভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিভিন্ন কাৰ্যসূচী তথা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাংস্কৃতিক বিভাগে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সমূহৰ সন্দৰ্ভতো বিভাগৰ বিষয়াসকলে ৰাজ্যপাল গৰাকীক অৱগত কৰে।

ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী উদযাপনেই হওক অথবা বিশ্ববাসীৰ আগত জাতীয় স্বাভিমান বিহুক মহিমামণ্ডিত কৰা অনুষ্ঠানেই হওক সকলো বিষয় সভা খনত দাঙি ধৰা হয়। এই বৈঠকত চলি থকা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত অনাগত দিনত ল’বলগীয়া পদক্ষেপ সমূহৰ সন্দৰ্ভতো আলোচনা কৰা হয়।

আলোচনা কালত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ প্ৰধান সচিব ড° বি কল্যাণ চক্ৰৱৰ্তী, সচিব মণিদীপা বৰকটকী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালিকা মীনাক্ষী দাস নাথ, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ, অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰৰ লগতে বিভিন্ন বিষয়া কৰ্মচাৰী উপস্থিত থাকে।

Assamnews
Comments (0)
Add Comment