সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত প্লেচমেণ্ট ড্ৰাইভ ..

বৰপেটা জিলাৰ সৰভোগৰ বটবৃক্ষ স্বৰুপ বৰনগৰ মহাবিদ্যালয়ৰ ইতিহাসত প্ৰথমবাৰৰ বাবে,আজি মডেল কেৰিয়াৰ চেণ্টাৰ কোকোৰাঝাৰৰ উদ্যোগত আৰু বৰনগৰ মহাবিদ্যালয়ৰ IQAC,NSS,ICT,EEC আৰু CII ৰ সহযোগত প্লেচমেণ্ট ড্ৰাইভ অনুষ্ঠিত হয়,সৰ্বমুঠ ৮৩ টা পঞ্জীয়নৰে বিশাল সহাৰি লাভ কৰে,এই ৮৩ তাৰ ভিতৰত ১২ জনকৈ প্ৰাৰ্থীক প্লেচমেণ্টৰ বাবে চৰ্টলিষ্ট কৰিছে বুলি জানিবলৈ পোৱা গৈছে । এই প্ৰতিষ্ঠানটোৰ লগতে সমগ্ৰ বৰনগৰ অঞ্চলটোৰ উচ্চাকাংক্ষী প্ৰাৰ্থীসকলক নিয়োগৰ সুযোগ নিশ্চিত কৰাত সহায় কৰিবলৈ,ভৱিষ্যতে এনেধৰণে প্লেচমেণ্ট ড্ৰাইভৰ আয়োজন কৰিব বুলি জানিবলৈ দিয়ে ৷

Assamnews
Comments (0)
Add Comment