Home Main Stories লখিমপুৰৰ গেন্ধালীত জঘন্য ঘটনা : ১১ বছৰীয়া কিশোৰীক নামঘৰৰ মণিকূটৰ ভিতৰত ধৰ্ষণ...

লখিমপুৰৰ গেন্ধালীত জঘন্য ঘটনা : ১১ বছৰীয়া কিশোৰীক নামঘৰৰ মণিকূটৰ ভিতৰত ধৰ্ষণ বৃদ্ধ নামঘৰীয়াৰ

166
0

ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৯ জুলাইঃ সভ্য সমাজক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে লখিমপুৰৰ নাওবৈচাৰ গেন্ধালীত। ৭০ ঊৰ্ধৰ নামঘৰীয়াই নামঘৰৰ ভিতৰলৈ ফুচুলাই নি বলাৎকাৰ কৰিলে এগৰাকী ১১ বছৰীয়া কিশোৰীক। এই ঘৃণনীয় ঘটনা সংঘটিত যোৱা ১৪ জুলাইৰ সন্ধিয়া। সেইদিনা নামঘৰৰ কাষত এৰাল দিয়া ছাগলী আনিবলৈ গৈছিল কনমানি জনী। কিশোৰী গৰাকীক সেই স্থানত দেখা পাই নামঘৰীয়াই নামঘৰৰ মণিকূটলৈ ফুচুলাই নি মৰ্টন দিয়াৰ প্ৰলোভনেৰে বলপূৰ্বক বলাৎকাৰ কৰে। ইফালে ৭২ বছৰীয়া কোষেশ্বৰ দত্তৰ এই কু-কাৰ্য প্ৰত্যক্ষ কৰি আছিল একাংশ স্থানীয় লোকে। স্থানীয় লোকে অসংযত অৱস্থাত মনিকূটৰ ভিতৰত হাতে-লোটে ধৰে দুয়োকে। সমগ্ৰ ঘটনা পোহৰলৈ অহাত একাংশ লোকে নামঘৰত সভা পাতি ঘটনাটো মীমাংসাৰো চেষ্টা চলায়। কিন্তু বৃদ্ধ নামঘৰীয়াৰ দুষ্কাৰ্যৰ কোনো সু-মীমাংসা দিব নোৱাৰিলে নামঘৰ পৰিচালনা সমিতি আৰু স্থানীয় লোকে। অৱশেষত কিশোৰী গৰাকীৰ মাতৃয়ে নাৰী সুৰক্ষা সেনানীৰ সহযোগত নাওবৈছা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। মাতৃৰ এজাহাৰৰ ভিত্তিত যোৱা নিশা লম্পট নামঘৰীয়া কোষেশ্বৰ দত্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও কেবাবাৰো নামঘৰীয়া জনে কনমানি কিশোৰী গৰাকীক ফুচুলাই নামঘৰলৈ নি ভয়-ভাবুকিৰে বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে। লখিমপুৰ আৰক্ষীয়ে শিশু বলাৎকাৰী নামঘৰীয়া কোষেশ্বৰ দত্তৰ বিৰুদ্ধে ৮৪০/২১ নম্বৰত গোচৰ ৰুজু কৰি “POCSO” আইনৰ অধীনত জেললৈ প্ৰেৰণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here