Home স্থানীয় কোৰোনাই জীৱনত জীয়াই থকাৰ বাট দেখুওৱালে চাপৰৰ এজন শিক্ষিত যুৱকক

কোৰোনাই জীৱনত জীয়াই থকাৰ বাট দেখুওৱালে চাপৰৰ এজন শিক্ষিত যুৱকক

111
0


গণ বাৰ্তা, চাপৰ, ২০ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ চাপৰৰ এজন শিক্ষিত যুৱক, নাম ইন্দ্ৰজিৎ কলিতা৷ ঘৰ চাপৰ পৌৰসভাৰ অধীনস্থ জ্জ্বনং ৱাৰ্ডৰ সত্যপুৰ গাঁৱত৷ ইন্দ্ৰজিৎ কলিতাই দাঙি ধৰিছে স্বাৱলম্বিতাৰ নতুন নিদৰ্শন৷ যি সময়ত শিক্ষিত যুৱক-যুৱতীয়ে চৰকাৰী চাকৰিৰ আশাত বাট চাই আছে, সেই সময়তে ইন্দ্ৰজিৎ কলিতাই মটকা চিকেন বনাই ৰাইজৰ মাজত বিক্ৰী কৰি সমাদৰ লাভ কৰি নিজৰ লগতে পৰিয়ালক আৰ্থিক দিশত সহায় কৰি আছে৷ মটকা চিকেনৰ লগতে ইন্দ্ৰজিৎ কলিতাই বিভিন্ন সুস্বাদু খাদ্য তৈয়াৰ কৰি ৰাইজৰ পৰা সমাদৰ লাভ কৰিছে৷ ইপিনে, মটকা চিকেনৰ উপৰি কলিতাই সৰু ল’ৰা-ছোৱালীৰ খেলৰ সামগ্ৰী, ছাতি, মহিলাৰ বিভিন্ন সামগ্ৰী, কছমেটিক বস্তু আদি আনি বজাৰত বিক্ৰী কৰি স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত শিক্ষিত যুৱক ইন্দ্ৰজিৎ কলিতায় কয়, য’ত শেষ তাৰ পৰাই আমি কিবা এটা নতুনত্ব চিন্তা কৰিব লাগিব৷ কাল কোৰোনাই যিদৰে আমাক শেষ কৰিব ধৰিছে আমিও বিকল্প কিবা এটা বাছি ল’ব লাগিব৷ মহান গায়ক ড॰ ভুপেন হাজৰিকাই নিজৰ গীতত কৈছিল ‘আমি অসমীয়া নহওঁ দুখীয়া’৷ ড॰ হাজৰিকাৰ সেই গীতটো আমি আখৰে আখৰে পালন কৰিব লাগিব৷ যদি আমি কৰ্ম হাতত লওঁ তেনেহ’লে আমি অসমীয়া নহওঁ দুখীয়া আৰু যদি আমি কৰ্ম হাতত নলওঁ তেনেহ’লে আমি দুখীয়া হৈয়ে থাকিম৷ আমি অসমীয়া গতিকে আমিয়ে অসমীয়াগিৰি দেখুৱাব লাগিব৷ কাল কোৰোনাই জীৱনত জীয়াই থকাৰ বাট দেখুৱালে চাপৰৰ শিক্ষিত যুৱক ইন্দ্ৰজিৎ কলিতাক৷ কলিতাই উঠি অহা যুৱক-যুৱতীক উদ্দেশি কয়, আমি পঢ়ি-শুনি চাকৰিমুখী হোৱাতকৈ প্ৰতিজন শিক্ষিত যুৱক-যুৱতীয়ে নিজে নিজৰ হাতৰ বিদ্যা অথবা যিয়ে যি দিশত পাৰ্গত সেই দিশেৰে আগবাঢ়ি অসমীয়াগিৰি দেখুৱাব লাগে৷ অন্যথা ড॰ ভূপেন হাজৰিকাৰ সেই গীত আমি অসমীয়া নহওঁ দুখীয়া সেই মহান গীত অথলে যাব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here