Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বৰ ভূঁইকপত তচনচ আফগানিস্তান : ৬.১ প্ৰাবল্যৰ ভূমিকম্পত ১১২০ জনৰ মৃত্যু ধবংসস্তূপলৈ...

বৰ ভূঁইকপত তচনচ আফগানিস্তান : ৬.১ প্ৰাবল্যৰ ভূমিকম্পত ১১২০ জনৰ মৃত্যু ধবংসস্তূপলৈ পৰিণত গয়ান জিলাৰ এখন সম্পূৰ্ণ গাঁও

41
0


কাবুল, ২২ জুন ঃ চিচিমিক মণ্ডল প্তত থকা আফগানিস্তানত আজি বৃহৎ ভঁূইকঁপে ধ্বংসলীলা চলাই৷ কাৰাকৰম আৰু হিমালয় পৰ্বতত ঠুনুকা চিচিমিক প্লেটত অৱস্থিত আফগানিস্তানৰ ৬.ৰ ৰিখ্‌টাৰ স্কেলত ভূমিকম্প অহাৰ পিছতে তাচপাতৰ দৰে খহি পৰে অট্টালিকা৷ ভঁূইকঁপৰ প্ৰাবল্য ইমানেই অধিক আছিল যে পাক অধ্যুষিত কাশ্মীৰ পাৰ হৈ ভাৰত পৰ্যন্ত তীব্ৰ জোকাৰণিৰ অনুভৱ হয়৷ এই বৃহৎ ভূমিকম্পটোৰ অভিকেন্দ্ৰ পাক সীমান্তৰ খোস্তত আছিল৷ ভূপৃষ্ঠৰ পৰা প্ৰায় ৪৪ কিলোমিটাৰ ভিতৰত এই ভূমিকম্পৰ উৎপত্তিস্থল আছিল বুলি আমেৰিকাৰ ভূগৰ্ভীয় জৰীপ কেন্দ্ৰই সদৰী কৰিছে৷ স্থানীয় সময় অনুসৰি মাজনিশা ৰ.৩০ বজাত [ভাৰতৰ সময় অনুসৰি নিশা ২.৩০ বজাত] অহা শক্তিশালী ভূমিকম্পটোৱে দেশখনৰ এক বৃহত্তম অঞ্চলক জোকাৰি যায়৷ সেই সময়ত দেশবাসী তেওঁলোকৰ গৃহত গভীৰ নিদ্ৰাত মগ্ন আছিল৷ ভূমিকম্পটোৰ কম্পন ইমানেই শক্তিশালী আছিল যে বহু গৃহ নিমিষতে ধবংস হৈ পৰিছিল৷ ইয়াৰ কেন্দ্ৰস্থল দক্ষিণ-পূব চহৰ খোষ্টাৰ পৰা ৪৪ কিলোমিটাৰ দূৰত অৱস্থিত আছিল বুলি জানিব পৰা গৈছে৷ ৬.ৰ প্ৰাবল্যৰ ভূমিকম্পটোৰ কম্পন আফগানিস্তান, পাকিস্তান আৰু ভাৰতলৈকে অনুভৱ কৰা হৈছিল৷ তথ্য অনুসৰি, আফগানিস্তানৰ ৰাজধানী কাবুল আৰু পাকিস্তানৰ ৰাজধানী ইছলামাবাদত ইয়াৰ কম্পন অনুভৱ কৰা হৈছিল৷ বাতৰি লিখা পৰলৈকে এই শক্তিশালী ভূমিকম্পটোত কমেও ৰ,১২০জন লোক নিহত আৰু ৰ,৫০০ৰো অধিক লোক আহত হৈছে৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ফটোবোৰত বৃহৎ ভূমি…লন আৰু তাত মাটিৰ ঘৰ ধবংস হোৱা দেখা গৈছে৷ আটাইতকৈ বেছি ক্ষতি হৈছে পূব প্ৰদেশ পাকটিকাত, য’ত উদ্ধাৰকাৰীসকলে আহতসকলৰ চিকিৎসা কৰিবলৈ চেষ্টা কৰি আছে৷ এই প্ৰদেশৰ বৃহৎসংখ্যক ঘৰ ধবংসস্তূপত পৰিণত হৈছে৷ ইয়াৰ পৰা অহা ছবিবোৰত, আহতসকলক ষ্ট্ৰে২াৰত কঢ়িয়াই নিয়া দেখা গৈছে৷ আহতসকলক দূৰৱৰ্তী অঞ্চলৰ পৰা হেলিকপ্টাৰেৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ তালিবান নেতা হিবতুল্লা আখুন্দজাদাই কয় যে শ শ ঘৰ ধবংস হৈছে আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে৷ আফগানিস্তানৰ পাকটিকা প্ৰদেশৰ উপৰিও ভূমিকম্পটোৱে খোস্তা, গজনী, লোগাৰ, কাবুল, জালালাবাদ আৰু লাগমানকো প্ৰভাৱিত কৰিছে৷ তালিবান বিষয়াসকলে সাহায্য সংস্থাসমূহক ভূমিকম্পপীড়িত দেশখনৰ পূব অংশত উপস্থিত হ’বলৈ আহ৩ান জনাইছে৷ এজন স্থানীয় চিকিৎসকে বিবিচিক কৈছে যে হতাহতসকলৰ বেছিভাগেই পাকটিকা প্ৰদেশৰ গায়ন আৰু বৰমাল জিলাৰ আছিল৷ স্থানীয় ৱেবছাইট ইটিলেট ৰোজৰ মতে, গায়ন জিলাৰ এখন গোটেই গাঁও ধবংস হৈছে৷ উল্লেখ্য যে কে’বাদশক ধৰি যুদ্ধৰ সৈতে যুঁজি থকা আফগানিস্তানে এতিয়ালৈকে ভূমিকম্প আৰু অন্যান্য প্ৰাকৃতিক দুৰ্যোগৰ পৰা সুৰক্ষা ৰখাৰ বাবে কোনো নিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা নাই৷ এনে পৰিস্থিতিত, যেতিয়া দুৰ্যোগ আহে, দেশৰ বাবে ইয়াৰ মোকাবিলা কৰা অতি কঠিন হৈ পৰে৷ অৱশ্যে, সাহায্য সংস্থাবোৰে যোৱা কেইবছৰমানত কে’বাটাও অট্টালিকা শক্তিশালী কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপে কৈছে যে ভূমিকম্পৰ প্ৰাবল্যৰ ৰিখটাৰ স্কেল ৬.ৰ আছিল৷ ভূমিকম্পৰ কেন্দ্ৰস্থল দক্ষিণ-পশ্চিম দিশত খোষ্টাৰ পৰা ৪৪ কিলোমিটাৰ দূৰত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here