Home Uncategorized হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন বাঘবৰৰ কনৰা সত্ৰই

হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন বাঘবৰৰ কনৰা সত্ৰই

241
0

গণ বাৰ্তা, মন্দিয়া,৯ নৱেম্বৰ : বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ কনৰা সত্ৰ‌ হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শন আজিও অটুট হৈ থকাটো পুনৰবাৰ প্ৰতিফলিত হ’ল। উল্লেখ্য যে আজি দিনজোৰা কাৰ্যসূচীৰে কনৰা সত্ৰত স্হানীয় মুছলমান আৰু বৰপেটাৰ হিন্দু মানুহ একেলগ হৈ থিয় নাম, জিকিৰ আৰু জাৰি পৰিবেশন কৰি সাতামপুৰুষীয়া ঐক্য আৰু সম্প্ৰীতিৰ নিদৰ্শন পুনৰবাৰ দাঙি ধৰে। স্মৰ্তব্য যে বিগত ১৯৬৯ চনৰ গান্ধী জয়ন্তীৰ দিনা চৰকাৰে একাংশ খিলঞ্জীয়া কৈৱৰ্ত পৰিয়ালক গোবিন্দপুৰ ৰিজাৰ্ভৰ মাটি এলট দিছিল। সেইসময়ত দুশৰো অধিক পৰিয়াল উক্ত ঠাইত বসবাস কৰিছিল। সেই সময়তেই গোবিন্দপুৰ গান্ধী গ্ৰাম কৃষি উন্নয়ন সমিতি, কৈৱৰ্ত সম্প্ৰদায়, বৰপেটা গঠন কৰিছিল। উক্ত সমিতিত স্হানীয় মুছলমান ব্যাক্তিকো সদস্য কৰি লোৱাটো হিন্দু মুছলমানৰ সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন। কালক্ৰমত জীৱ-জন্তুৰ আক্ৰমণ,হাবি জঙ্ঘলেৰে ভৰা, যাতায়তৰ অসুবিধা, চিকিৎসাৰ অভাৱ, স্কুল কলেজৰ অভাৱ, চাকৰি সূত্ৰে আদি বিভিন্ন কাৰণত উক্ত এলট প্ৰাপ্ত লোক সকল প্ৰায় ৩০/৩৫ বছৰ পূৰ্বে বৰপেটা আদি বিভিন্ন ঠাইলৈ গুচি যায়। উল্লেখ্য যে উক্ত ভূমিৰ এটা অংশ ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াত জাহ যোৱাৰ লগতে মথাউৰি আদি নিৰ্মাণৰ ফলতো কিছু  অংশ কৃষিভূমি ওলাই যায়। অঞ্চলটোৰ তদানীন্তন বয়োজ্যেষ্ঠ মুৰব্বী ওমৰ আলী দেৱানী,আকাল উদ্দিন,হবিবৰ ৰহমান বেপাৰী,আৰিফ খান,ৰহিজ দেৱানী, গফুৰ সৰকাৰ আদি ব্যাক্তিৰ লগত পৰামৰ্শ কৰি গান্ধী গ্ৰাম কৃষি উন্নয়ন সমিতিৰ বিষয়ববীয়া সকলে হাবি জঙ্ঘল পৰিস্কাৰ কৰি খেতি বাতি কৰাৰ বাবে এলট মাটি স্হানীয় দৰিদ্ৰ ৰাইজক লীজত দিয়া বুলি সমিতিৰ বৰ্তমানৰ সভাপতি সম্পাদকে জানিবলৈ দিয়ে। উল্লেখ্য যে আজিলৈকে উক্ত অঞ্চলৰ স্হানীয় দৰিদ্ৰ কৃষকে  এলটপ্ৰাপ্ত ব্যাক্তিৰ পৰা খেতি মাটি লীজত লৈ মিলা-প্ৰীতিৰে চলি আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here