Home স্থানীয় তেজপুৰৰ এগৰাকী ব্যতিক্ৰমী পৰীক্ষাৰ্থী ভৰিৰে লিখিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত

তেজপুৰৰ এগৰাকী ব্যতিক্ৰমী পৰীক্ষাৰ্থী ভৰিৰে লিখিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত

243
0

গণবাৰ্তা, দোলাবাৰী, ১৬মাৰ্চ:- আজি সমগ্র ৰাজ্যতে অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। লাখ লাখ শিক্ষাৰ্থী অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। তেজপুৰৰ এগৰাকী ব্যতিক্ৰম ছাত্ৰীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে। শলমৰা উচ্চ ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী ফাতেমা খাতুনে নিজৰ শৈক্ষিক জীৱনৰ বিগত দিনবোৰ ভৰিৰে লিখি পাঠ গ্ৰহণ কৰাৰ লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত  অৱতীৰ্ণ হৈছে। তেজপুৰ বৰঘাটস্থিত ফকৰউদ্দিন আলি আহমেদ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিবলৈ বহিছে ছাত্ৰীজনী।জানিব পৰা মতে তেজপুৰ বিধানসভা সমষ্টিৰ শলমৰা কাছকণী গাঁৱৰ নিবাসী নুৰুল আমিন আৰু চুফিয়া খাতুনৰ কণ্যা ফাতেমা খাতুন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here