Home Main Stories ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত : অৱসৰৰ দিনাই শিক্ষক-কৰ্মচাৰীয়ে লাভ কৰিব পেন্সন, কৃষকৰ...

ৰাজ্যিক কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত : অৱসৰৰ দিনাই শিক্ষক-কৰ্মচাৰীয়ে লাভ কৰিব পেন্সন, কৃষকৰ ধান ক্ৰয়ৰ বাবে ১৬০ কোটিৰ অনুমোদন

214
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ:
ধানৰ উৎপাদন অনুসাৰে কৃষকে উচিত মূল্য লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈ থকাৰ মাজতে ৰাজ্যৰ কেবিনেটে কৃষকসকলৰ বাবে আনিছে সুখবৰ৷ এইবেলি ৰাজ্যৰ কৃষকৰ ধান ক্ৰয় কৰিব ৰাজ্য চৰকাৰে৷ উল্লেখ্য যে বিগত বৰ্ষত ভাৰতীয় খাদ্য নিগমে নূ্যনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ধান ক্ৰয় নকৰাৰ ফলত কৃষকসকল ক্ষতিগ্ৰস্ত হৈছিল৷ তেনে অৱস্থাত আজি কেবিনেটে ৰাজ্যৰ কৃষকৰ পৰা ধান ক্ৰয়ৰ বাবে ১৬০ কোটি টকা মুকলি কৰি দিয়ে৷ আনহাতে, আজিৰ বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ বৈঠকৰ শেষত মন্ত্ৰী ৰণোজ পেগুৱে সংবাদমেল সম্বোধন কৰি কেবিনেটৰ সিদ্ধান্তসমূহ জানিবলৈ দিয়ে৷ ইপিনে, কেবিনেটে ৰাজ্যৰ শিক্ষক-কৰ্মচাৰীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে৷ এতিয়াৰে পৰা শিক্ষক-কৰ্মচাৰীয়ে অৱসৰগ্ৰহণৰ পিছদিনাই পেঞ্চন পোৱাৰ ব্যৱস্থা কৰা হ’ব৷ অৱসৰ গ্ৰহণৰ পূৰ্বে কৃতজ্ঞতা প’ৰ্টেলৰ জৰিয়তে পেঞ্চনৰ বাবে আবেদন কৰিব পাৰিব৷ আজিৰ কেবিনেটে এই ব্যৱস্থাত অনুমোদন দিছে৷ পোনপটীয়াকৈ প’ৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব৷ ইয়াৰ বাবে এমট্ৰ’নে প্ৰতিখন জিলাত পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন কৰিব৷ ইপিনে, পেঞ্চনাৰসকলে এক লাখৰ পৰা তিনি লাখলৈ ধন উলিওৱাৰ পৰিমাণ বৃদ্ধি কৰা হৈছে৷ ইয়াৰ বাবে চাৰিগৰাকী অতিৰিক্ত সঞ্চালক নিযুক্তি দিয়া হ’ব৷ পূৰ্বে পেঞ্চনাৰসকল জীৱিত হয় নে নহয় প্ৰতিবছৰে বেংকলৈ গৈ প্ৰমাণ-পত্ৰ দিব লাগিছিল৷ এতিয়াৰে পৰা পেঞ্চনাৰ প’ৰ্টেলৰ জৰিয়তে কৰিব পাৰিব এই কাম৷ ইপিনে, অলিম্পিকত পদক অৰ্জন কৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা বক্সাৰ লাভলীনা বৰগোহাঁইক পুৰস্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটত৷ লাভলীনাক ডিএছপিৰ পদত নিযুক্তি দিয়াৰ ক্ষেত্ৰত অনুমোদন জনাই কেবিনেটে৷ আনহাতে, ডেপুটী ৰেঞ্জাৰসকলক ড্ৰেছ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তদুপৰি ফৰেষ্ট গাৰ্ডৰ পৰা ডেপুটী ৰেঞ্জাৰলৈ পোছাক দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে৷ ইপিনে, এতিয়ালৈকে ৰাজ্যত দুই কোটি ক’ভিড ভেকচিন দিয়া হৈছে৷ এই সাফল্যৰ বাবে কোৰোনাৰ ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছসকলক দুই হাজাৰকৈ উদঙনি টকা দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে৷ আনহাতে, অংগনৱাড়ী কৰ্মচাৰীসকলকো ৫০০ টকাকৈ দিয়াৰ সিদ্ধান্ত লয় কেবিনেটে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here