Home উত্তৰ পূৰ্বাঞ্চল মেঘালয়ৰ পিছত অৰুণাচলৰ সীমা সমস্যাক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

মেঘালয়ৰ পিছত অৰুণাচলৰ সীমা সমস্যাক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

117
0

গুৱাহাটী, ২০ এপ্ৰিল : মেঘালয়ৰ পিছত এইবাৰ অসম-অৰুণাচলৰ সীমা সমস্যা সমাধানৰ বাবে দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি বৈঠকত মিলিত হৈছে৷ এই বৈঠকখন আজি গুৱাহাটীৰ কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত অনুষ্ঠিত হয়৷ কইনাধৰাত আৰম্ভ হোৱা গুৰুত্বপূৰ্ণ বৈঠকখনত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ লগতে দুয়োখন ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী তথা শীৰ্ষ বিষয়াই অংশগ্ৰহণ কৰিছে৷ এই বৈঠকতে অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ অন্ত পৰাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে, সীমা-সমস্যাক লৈ দীৰ্ঘদিনে কেইবালানিও আলোচনা অনুষ্ঠিত হৈছিল যদিও এই সমগ্ৰ প্ৰক্ৰিয়াক চূড়ান্ত ৰূপ দিয়াৰ বাবে আজি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী বৈঠকত মিলিত হৈছে৷ইয়াৰ পূৰ্বে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভিডিঅ’ কনফাৰেন্সযোগে শোণিতপুৰ, ওদালগুৰি, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ উপায়ুক্তসকলৰ সৈতে অসম আৰু অৰুণাচল প্ৰদেশৰ আন্তঃৰাজ্যিক সীমা সমস্যা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰিছিল৷ অসম-মিজোৰাম সীমা সমস্যা সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক অসম চৰকাৰে বিধানসভাত প্ৰদান কৰা তথ্য মতে, অসমৰ প্ৰায় জ্জ্ব,৩৯৫.২৫ হেক্টৰ ভূমি অৰুণাচলে দখল কৰি ৰাখিছে৷ ইয়াৰে শোণিতপুৰ জিলাত ৰ.০৮ হেক্টৰ, বিশ্বনাথত চ্ছ্ৰ,৭৫১ হেক্টৰ, লখিমপুৰত ৰ,৯৭৫.৪১ হেক্টৰ, ধেমাজিত ৰ,০৫৫.৭৪ হেক্টৰ, ডিব্ৰুগড়ত ১০ হেক্টৰ আৰু চৰাইদেউত ৬০২.০১ হেক্টৰ অসমৰ ভূমি অৰুণাচলৰ দখলত আছে৷ আজিৰ বৈঠকত এই সীমা সমস্যাৰ ক্ষেত্ৰত ইতিবাচক দিশ নিৰ্ণয় হ’ব বুলি আশা কৰা হৈছে৷ ইফালে মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে কেইবা দশকজুৰি অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ মাজত চলি থকা সীমা-বিবাদৰ জটিল সমস্যাটো তেওঁৰ কাৰ্যকালতে সমাধান কৰাৰ বাবে চেষ্টা কৰিব৷ সেই অনুসৰি, ইতিমধ্যে মেঘালয়ৰ সৈতে চলি থকা অসমৰ সীমা-বিবাদৰ ১২টাৰ ভিতৰত ৬টাৰ ক্ষেত্ৰত নিষ্পত্তি কৰা হৈছে৷ এই সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত চুক্তিও স্বাক্ষৰিত হৈছে৷ মেঘালয়ৰ সৈতে সীমা সমস্যা সমাধানৰ দিশত এটা খোজ আগবঢ়াৰ পিছত এইবাৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ সৈতে চলি অহা সীমা সমস্যা নিষ্পত্তিৰ বাবে আগবাঢ়িছে অসম চৰকাৰ৷ সেই অনুসৰি আজি দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে৷ তথ্য অনুসৰি, অসম আৰু অৰুণাচলৰ মাজৰ ১২২খন গাঁৱক লৈ দীৰ্ঘদিন ধৰি সীমা বিবাদ চলি আহিছে৷ অসম আৰু অৰুণাচল উভয়েই এই ১২২খন গাঁও নিজৰ বুলি দাবী কৰি আহিছে৷ অসম চৰকাৰে বিধানসভাত প্ৰকাশ কৰা তথ্য মতে, অৰুণাচল প্ৰদেশে অসমৰ প্ৰায় ৮৩৯৫.২৫৪৫ হেক্টৰ ভূমি দখল কৰি ৰাখিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here