Home Recommended মাননীয় শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগু ডাঙৰীয়ালৈ এখন মুকলি চিঠি,

মাননীয় শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগু ডাঙৰীয়ালৈ এখন মুকলি চিঠি,

95
1

নমস্কাৰ গ্ৰহণ কৰিব। অসমৰ নতুন শিক্ষামন্ত্ৰীৰ পদ শুৱনি কৰাৰ বাবে আপোনাক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি এক বিশেষ কথাত আপোনালৈ মুকলি চিঠি লিখিবলৈ ওলাইছো। আমি সকলো এই বিষয়ে জ্ঞাত যে অসমৰ জাতিগঠন প্ৰক্রিয়াত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা তথা অসমীয়া জাতীয়তাবাদৰ ধ্বজাবাহকসকলৰ অন্যতম জননেতা ভীমবৰ দেউৰীৰ আজি ১১৮তম জন্মবাৰ্ষিকী। কিন্তু আজি অসমীয়া জাতিৰ স্বাৰ্থৰ হকে যুঁজা পুৰোধা ব্যক্তিসকলৰ তালিকাৰপৰা বাদ পৰিব ওলাইছে নেকি ভীমবৰ দেউৰীৰ নাম ?
বিংশ শতিকাৰ আৰম্ভণিতে উচ্চবৰ্ণৰ অসমীয়া যুৱকৰ খোজত খোজ মিলাই বহুতো সামাজিক, অৰ্থনৈতিক বাধা নেওচি কটন কলেজ আৰু বংগৰ প্ৰেছিডেঞ্চি কলেজৰ দৰে প্ৰখ্যাত অনুষ্ঠানত শিক্ষা লাভ কৰাটো ঐতিহাসিকভাৱে পীড়িত, নিষ্পেষিত জনজাতীয় সম্প্ৰদায়ৰ ভীমবৰ দেউৰীৰ বাবে কম ডাঙৰ কথা নাছিল। সেইসময়ত কটন কলেজৰ দৰে উচ্চ শিক্ষানুষ্ঠানত যি দুই-তিনিটা জনজাতীয় ছাত্ৰই পঢ়িবলৈ সুযোগ পাইছিল, তেওঁলোকৰ প্ৰতি উচ্চবৰ্ণ ছাত্ৰৰ বৈষম্যমূলক আচৰণ প্ৰত্যক্ষ কৰি দেউৰীয়ে বৃহত্তৰ অসমীয়া জাতিৰ ভৱিষ্যত সম্পৰ্কে ভাবিবলৈ বাধ্য হৈছিল। তেওঁ এই কথা হাড়ে-হিমজুৱে বিশ্বাস কৰিছিল যে যেতিয়ালৈকে দেউৰী, মিছিং, বড়ো, তিৱা, ৰাভা, কছাৰী, মৰাণ, মটক আদি অনগ্ৰসৰ জনগোষ্ঠীৰ বিকাশ নহ’ব তেতিয়ালৈকে এক সবল অসমীয়া জাতি আৰু জাতীয়তাবাদৰ সপোন দেখা অযুগুত।
সেয়ে তেওঁ 1933 চনতে Assam Backward Plains Tribal League (চমুকৈ Tribal League) গঠন কৰি সম্পাদক পদত অধিষ্ঠিত হৈছিল। যি সময়ত এচামে ভাষা আৰু বৰ্ণক আধাৰ হিচাপে লৈ সংকীৰ্ণ অসমীয়া জাতিগঠনৰ পৃষ্ঠপোষকতা কৰিছিল, একে সময়তে নিজৰ জীৱন জনগোষ্ঠীৰ বিকাশ আৰু বৃহত্তৰ অসমীয়া জাতিগঠনৰ নামত উছৰ্গা কৰিছিল। তেওঁৱেই ভীমবৰ দেউৰী, যিয়ে ৰূপনাথ ব্ৰহ্ম, যাদবচন্দ্ৰ খাখলাৰীৰ দৰে সহকৰ্মীক লগত লৈ দিল্লীৰ ইম্পিৰিয়েল হোটেলত মহম্মদ আলী জিন্নাক লগ কৰি অসমক পাকিস্তানৰ সৈতে সংলগ্ন কৰাৰ বিশাল ষড়যন্ত্ৰৰ বন্ধ কৰিবলৈ সকীয়াই দি কৈছিল, “….অসম কাৰ লগত থাকিব তাৰ সিদ্ধান্ত ল’ব অসমবাসীয়ে। আপোনাৰ এই আশা পৰিত্যাগ কৰক। আমি আমাৰ দেহত এটোপাল তেজ থকালৈকে যুঁজ কৰিম।”
গতিকে মাননীয় ৰনোজ পেগু ডাঙৰীয়া, আজি ভীমবৰ দেউৰীৰ কৰ্মৰাজি আৰু অৱদানক জীয়াই ৰখাটো আমি আমাৰ কৰ্তব্য জ্ঞান কৰোঁ। তদুপৰি, আজি এগৰাকী জনজাতীয় নেতাক আমি আমাৰ অসমৰ শিক্ষামন্ত্ৰী হিচাপে পাই এইকাৰণেই আনন্দিত আৰু সৌভাগ্যবান যে ই আমাৰ পৰিৱৰ্তিত সামাজিক বিন্যাস আৰু ভিন্ন বৰ্ণৰ মাজত সমতা প্ৰতিষ্ঠাকে প্ৰকাশ কৰিছে। গতিকে ভীমবৰ দেউৰী সন্দৰ্ভত মোৰ কৰিবলগীয়া আহ্বানৰ বাবে আপুনিয়ে উপযুক্ত ব্যক্তি। মোৰ প্ৰস্তাৱ এয়ে যে তেওঁৰ স্মৃতিক জীয়াই ৰাখিবলৈ আমি আজি কিছুমান পদক্ষেপ গ্ৰহণ কৰাৰ সময় আহি পৰিছে। তেওঁৰ সন্মানাৰ্থে তেওঁৰ নামত এখন বিশ্ববিদ্যালয়ৰ দাবী কৰাটো আমি ভাবো অযুগুত নহয়। অসমীয়া সমাজৰ প্ৰতি তেওঁৰ অৰিহণাক যদি আমি স্বীকৃতি দিব বিচাৰিছোঁ, যদি তেওঁক মনত ৰাখিব বিচাৰিছোঁ, তেন্তে “ভীমবৰ দেউৰী বিশ্ববিদ্যালয়”ৰ দাবী কৰাটো এক অতিৰঞ্জিত দাবী বুলি আমাৰ মনে নকয়। আমি ভাবো এখন শিক্ষানুস্থান জননেতা ভীমবৰ দেউৰীৰ নামেৰে নামাকৰণ কৰা সিদ্ধান্তই অসমৰ ৰাইজৰ মনত তেওঁৰ অৱদানক প্রতি মুহূৰ্ততে সোৱৰাই থাকিব। আশাকৰোঁ এগৰাকী শিক্ষামন্ত্ৰী হিচাপে আপুনি এই বিষয়টোক গুৰুত্বসহকাৰে ল’ব।

ইতি,
মহচিন খান
ৰসায়ন বিজ্ঞান বিভাগ
প্ৰাক্তন ছাত্ৰ দিল্লী বিশ্ববিদ্যালয়

ফোন : ৯১০১৪৮৪৮৬৮

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here