Home অসম আঙুৰলতা ডেকা মোগলৰ বংশধৰ, গাত আছে মোগলৰ তেজ , টাই আহোম ছাত্ৰ...

আঙুৰলতা ডেকা মোগলৰ বংশধৰ, গাত আছে মোগলৰ তেজ , টাই আহোম ছাত্ৰ সন্থাৰ উপ-সভাপতি

77
0


গণ বাৰ্তা, যোৰহাট, ৪ আগষ্ট: আজি কেইদিনমান ধৰি বহুচৰ্চিত এটি নাম আঙুৰলতা ডেকা৷ বহুকেইখন অসমীয়া ছবি আৰু ভিচিডিৰ জনপ্ৰিয় আৰু মোহময়ী অভিনেত্ৰী তথা বৰ্তমান বিজেপিৰ অসম ৰাজ্যিক মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতি৷ উল্লেখযোগ্য যে আঙুৰলতা ডেকাৰ নেতৃত্বত এক প্ৰতিবাদী সমদলত অপ্ৰাসংগিকভাৱে আঙুৰলতা ডেকা আহোম জাতি মুৰ্দাবাদ শ্ল’গানেৰে ৬০০ বছৰীয়া ৰাজত্বৰ সোণালী ইতিহাস সৃষ্টি কৰা জাতিটোক অপমানিত কৰাই নহয়, চূড়ান্তভাৱে তেওঁলোকে আহোমবিদ্বেষী চৰিত্ৰ ৰূপায়ণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ উক্ত ঘটনাৰ তদন্ত কৰি দোষীক আইনগত শাস্তি প্ৰদানৰ বাবে ২৪ ঘণ্টা সময়সীমা বান্ধি দিয়াৰ পাছতো বিজেপি নেতৃত্বাধীন অসম চৰকাৰ আৰু বিজেপি দলে বৰ্তমান সময়লৈকে অসমবাসী ৰাইজ আৰু জনগোষ্ঠীটোক সন্তুষ্ট কৰিব পৰাকৈ কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ পৰিপ্ৰেক্ষিতত পুনৰবাৰ আহোমবিদ্বেষী আঙুৰলতা ডেকা আৰু তেখেতৰ সহযোগীসকলৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিলে সদৌ অসম টাই আহোম ছাত্ৰ সন্থা, যোৰহাট জিলা সমিতিয়ে৷ আজি যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণৰ অন্তত যোৰহাট জিলা উপায়ুক্তৰ যোগেদি সমিতিৰ সভাপতি ৰাজীৱ গগৈ, কাৰ্যকৰী সভাপতি ললিত গগৈ আৰু সাধাৰণ সম্পাদক মণ্টু ফুকন স্বাক্ষৰিত এখন স্মাৰক-পত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে৷
ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও ঃ কেইদিনমান পূৰ্বে বিজেপি নেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত ওলোৱা সমদলত আহোম জাতিক লৈ কৰা অপমানসূচক মন্তব্যৰ প্ৰতিবাদত আজি নগাঁৱত টাই আহোম ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কায্যসূচী ৰূপায়ণ কৰে৷ ছহিদ স্মৃতি কলাক্ষেত্ৰৰ সমীপত হোৱা এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি ৰিংকুমণি বৰাই নিজৰ ক্ষোভ প্ৰকাশ কৰি কয় যে আঙুৰলতা ডেকা এগৰাকী পাবত গজা নেত্ৰী৷ আঙুৰলতা ডেকাৰ গাত মোগলৰ তেজ আছে৷ তেওঁ মোগলৰ বংশধৰ৷ তেওঁ অসমৰ ইতিহাস নাজানে৷ স্বৰ্গদেউ চাওলুং চ্যুকাফাই সকলো জাতি-জনজাতিক লৈ অসম সৃষ্টি কৰিছিল৷ আঙুৰলতা ডেকায়ো অসমৰ ইতিহাস পঢ়ক৷ আহোমে কেতিয়াও আহোম বুলি পৰিচয় নিদিয়ে৷ আহোমে সদায় অসমীয়া বুলিয়েই পৰিচয় দি আহিছে৷ আঙুৰলতা ডেকা অসমীয়া হৈ অসমীয়াক হাঁহিছে৷ আহোমক লৈ কৰা মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়৷ অসম চৰকাৰে অতি শীঘ্ৰে তেওঁৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰক৷ অন্যথা টাই আহোম ছাত্ৰ সন্থাই অনাগত দিনত ইয়াতকৈ অধিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here