Home অসম হিন্দী বলয়ৰ আৰ এছ এছ কেডাৰক সংস্থাপিত কৰাৰ স্বাৰ্থতে হঠকাৰী সিদ্ধান্ত :...

হিন্দী বলয়ৰ আৰ এছ এছ কেডাৰক সংস্থাপিত কৰাৰ স্বাৰ্থতে হঠকাৰী সিদ্ধান্ত : অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্ত

302
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ নৱেম্বৰ ঃ বঙাইগাঁৱত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত ‘অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ভাষাৰ ক্ষেত্ৰত থকা বাধা আঁতৰাবলৈ ইংৰাজী আৰু অসমীয়া বিষয় অন্তৰ্ভুক্ত নহ’ব’ বুলি লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে কংগ্ৰেছে। এক বিবৃতিত অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই কয় যে জাতি-মাটি-ভেটি ৰক্ষাৰ শ্ল’গান দি, সভ্যতাৰ যুঁজৰ কথা কৈ শাসন ক্ষমতাত অধিষ্ঠিত হোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ এয়া এক হঠকাৰী সিদ্ধান্ত। আৰএছএছৰ আঙুলিৰ ঠাৰত নচা, নাগপুৰৰ নিৰ্দেশত উঠা-বহা কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখন যে অসমীয়া ভাষা, সংস্কৃতি ধ্বংস কৰিবলৈ নিকৃষ্ট ষড়যন্ত্ৰত লিপ্ত হৈছে, উঠি-পৰি লাগিছে সেই কথা আকৌ এবাৰ প্ৰমাণিত হ’ল। ইয়াৰ পূৰ্বেও বিজেপি নেতৃত্বাধীন চৰকাৰখনে অসমৰ মানুহৰ আৱেগ-অনুভূতিক ভৰিৰে মোহাৰি জাতিধ্বংসী ‘কা’ জাপি দিছিল আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছিল। চৰকাৰখনৰ শেহতীয়া সিদ্ধান্তৰ জৰিয়তে অসম লোকসেৱা আয়োগ, অৰ্থাৎ এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত নাথাকিব, যাৰ ফলত স্বাভাৱিকতেই এলাগী হৈ পৰিব অসমীয়া ভাষা। অসম লোকসেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাক এইদৰে এলাগী কৰা বিষয়টো অসম প্ৰদেশ যুৱ কংগ্ৰেছে কেতিয়াও মানি নলয়।

অসমীয়া ভাষা লিখিব-পঢ়িব নাজানিলে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ এচিএছ বিষয়াসকলে গ্ৰামাঞ্চলৰ ৰাইজে ওজৰ-আপত্তি দৰ্শাই দিয়া দৰ্খাস্তখনেইবা কিদৰে বুজি পাব বুলি প্ৰশ্ন কৰি অংকিতা দত্তই কয় যে এই দিশবোৰ বিচাৰ-বিশ্লেষণ নকৰাকৈ তথা অসমীয়া ভাষা-সাহিত্যৰ সৰ্বনাশ কৰি কেবিনেটে গ্ৰহণ কৰা এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰ কৰিব লাগিব। অন্যথা এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে। কিয়নো, অসমীয়া ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি দায়বদ্ধ। বহুতেই সন্দেহ প্ৰকাশ কৰিছে যে হিন্দী বলয়ৰ আৰ এছ এছ কেডাৰক সংস্থাপিত কৰাৰ স্বাৰ্থতে বিজেপি নেতৃত্বাধীন চৰকাৰে এইদৰে এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষাৰ বাধ্যতামূলক প্ৰশ্নকাকত উঠাই দিয়াৰ সিদ্ধান্ত লৈছে। ইয়াৰ ফলত এতিয়া নাগপুৰৰ পৰা অহা মানুহেও সহজতে অসমত এচিএছ বিষয়া হ’ব পাৰিব। কিয়নো, চৰকাৰে যি তিনিটা চৰ্ত আৰোপ কৰিছে সেয়া পূৰণ কৰাটো বৰ ডাঙৰ কথা নহয়। আৰু অসমীয়া ভাষা সাৱলীলভাৱে কৈছে নে নাই তাৰ মাপকাঠি কি হ’ব, সেয়াও স্পষ্ট নহয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here