Home অসম মাজুলী সুৰক্ষাৰ বাবে ৩৪০ কোটি টকাৰ আঁচনি ঘোষণা

মাজুলী সুৰক্ষাৰ বাবে ৩৪০ কোটি টকাৰ আঁচনি ঘোষণা

259
0

মিত্ৰজোটৰ প্ৰাৰ্থী ভুৱন গামৰ হৈ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ প্ৰচাৰ

গণ বাৰ্তা, মাজুলী, ফুলনি, ১৯ ফেব্ৰুৱাৰী ঃ মাজুলী বিধানসমষ্টিৰ উপ-নিৰ্বাচনক লৈ ক্ৰমে নিৰ্বাচনী বতাহজাক গৰম হৈ উঠিছে। বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গাম, বিৰোধীৰ সমৰ্থিত অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী আৰু এছ ইউ চি আই ( কমিউনিষ্ট )ৰ মনোনীত প্ৰাৰ্থী কমৰেড ভাইটী ৰিছঙৰ মনোনয়নৰ পিছত এতিয়া অহা ৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া সমষ্টিটোৰ উপ-নিৰ্বাচনক লৈ ইতিমধ্যে শাসক-বিৰোধীয়ে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে মাজুলীৰ গাঁৱে গাঁৱে প্ৰচাৰ চলোৱাৰ সমান্তৰালভাৱে আজি বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ প্ৰচাৰ চলাবলৈ আজি সন্ধিয়াৰ ভাগলৈ মাজুলীত আহি উপস্থিত হয় ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা। যোৰহাটৰ পৰা ফেৰীৰে মাজুলীৰ কমলাবাৰীঘাটত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে কয় যে আমি কেৱল পূৰ্বতকৈ ভোটৰ ব্যৱধানহে বঢ়াবলৈ চেষ্টা কৰিম।

মাজুলীৰ ৰাইজ বিজেপি দলৰ পক্ষত অৰ্থাৎ উন্নয়নৰ পক্ষতেই আছে। মাজুলীত কোনো বিৰোধী নাই। অতি কমেও ৫০ হাজাৰ ভোটত মাজুলী সমষ্টিৰ প্ৰাৰ্থী ভুবন গাম জয়ী হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মাজুলীৰ উপ-নিৰ্বাচনক লৈ শাসকীয় পক্ষই কি ইছ্যু লৈ ৰাইজৰ কাষলৈ যাব বুলি মন্ত্ৰীগৰাকীক প্ৰশ্ন কৰাত মন্ত্ৰীগৰাকীয়ে কয় যে-মই কিছুমান কথা নকওঁ মাজুলীৰ ৰাইজে সিদ্ধান্ত ল’ব। ২০২৬ চনৰ বিধানসভাত নিৰ্বাচনী প্ৰচাৰৰ বাবে যোৰহাটৰ পৰা মাজুলীলৈ দলঙেৰে আহিবলৈ পৰম আগ্ৰহী ৰাজ্যৰ মুখ্যমন্ত্ৰী। এয়াই পৰিৱৰ্তন, উন্নয়নৰ জোৱাৰ অনাৰ লক্ষণ। জলসম্পদ বিভাগে খহনীয়া ৰোধৰ বাবে মাজুলীত বৰ্তমান ৪০ কোটি টকাৰ কাম কৰি থকাৰ লগতে এডিবিৰ পৰাও মাজুলীৰ সুৰক্ষাৰ বাবে আৰু ৩৪০ কোটি টকা মোকলাই দিয়াৰ কথা জলসম্পদ মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীক ফেৰীঘাটতে মাজুলী বিজেপিৰ কাৰ্যকৰ্তাসকলে আদৰণি জনায়। মন্ত্ৰীগৰাকীয়ে আজি নিশা দলীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ লগতে কাইলৈও দিনৰ ভাগত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুবন গামৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here