Home স্থানীয় চতিয়াৰ গোসাঁই চাপৰিত শোণিতপুৰ জিলাৰ আৰক্ষী অধিক্ষক ধনঞ্জয় পৰশুৰাম ধনাবটৰ নেতৃত্বত গাঞ্জা...

চতিয়াৰ গোসাঁই চাপৰিত শোণিতপুৰ জিলাৰ আৰক্ষী অধিক্ষক ধনঞ্জয় পৰশুৰাম ধনাবটৰ নেতৃত্বত গাঞ্জা বিৰোধী অভিযান

39
0

গণ বাৰ্তা, ইটাখোলা, ২ জুনঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটস্থিত গোসাঁ‌ই চাপৰিত বিয়লি পাঁচ বজাত আৰক্ষীয়ে নষ্ট কৰিলে পাঁচ বিঘা ভাং খেতি। বিশেষ সুত্ৰৰ পমখেদি কৰা অভিযানটোত জামুগুৰি আৰু চতিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে নদুৱাৰ ৰাজহ চক্ৰৰ সংলগ্ন ৰাজহ চক্ৰ বিষয়াও উপস্থিত আছিল। আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা জামুগুৰিহাটৰ কুসুমটোলাৰ ধৰ্মেশ্বৰ নায়ক নামৰ এজন গাঞ্জা সৰবৰাহকাৰী ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে চলাই এক অভিযান। নষ্ট কৰে বৃহৎ ভাং খেতি সমুহ। জেচিবি লগাই আৰক্ষীয়ে নষ্ট কৰিলে বৃহৎ ভাঙৰ খেতি। উল্লেখ্য যে চতিয়া আৰু জামুগুৰিহাট আৰক্ষী চকীৰ আৰক্ষীৰ দলৰ যৌথ অভিযানত কুসুমটোলাৰ ধৰ্মেশ্বৰ নায়ক নামৰ লোকজনৰ পৰা প্ৰায় ৯ কিলোগ্ৰাম ওজনৰ ভাঙৰ টোপোলা জব্দ কৰি অধিক তথ্যৰ ভিত্তিত গোসাঁই চাপৰিত উক্ত অভিযান চলাই। অভিযানকাৰী আৰক্ষীৰ দলটি তদন্তৰ ভিত্তিত পোৱা ভাঙৰ খেতিসমুহ নষ্ট কৰাৰ লগতে উক্ত ব্যৱসায়ৰ লগত জড়িত ব্যক্তি সকলৰ তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ দলটিয়ে সংবাদ মাধ্যমক জানিব দিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here