Home স্থানীয় ধনশিৰি মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : দুই যুৱকক হিৰইনসহ কৰায়ত্ব

ধনশিৰি মহকুমাত ড্ৰাগছৰ বিৰুদ্ধে অভিযান : দুই যুৱকক হিৰইনসহ কৰায়ত্ব

41
0

দেৱাশীষ শৰ্মা , সৰুপথাৰ, ২৭ মে : যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ লৈ যোৱা ভয়াবহ ড্ৰাগছৰ বিৰুদ্ধে শেহতীয়াকৈ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ আৰক্ষীৰ ক্ষীপ্ৰতা দেখিবলৈ পোৱা গৈছে | যোৱানিশা ধনশিৰি মহকুমা আৰক্ষী বিষয়া গৰাকীৰ নেতৃত্বত এক অভিযান চলাই সৰুপথাৰৰ ১নং পদুমনি অঞ্চলৰ পৰা বেনুধৰ গগৈ নামৰ যুৱক জনৰ পৰা মাৰাত্মক হিৰইনসহ আটক কৰিবলৈ সক্ষম হয় | ধৃত বেনুধৰ গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত মহকুমাৰটোৰ কেইবা ঠাইটো আৰক্ষীয়ে অভিযান চলাই যদিও ড্ৰাগছ সৰবৰাহকাৰী সকল পলাই হাৰিবলৈ সক্ষম হয় | অৱশ্যে ছেৱাগুৰি মাজুলীচুকৰ চম্পক গগৈ নামৰ ড্ৰাগছ সৰবৰাহকাৰীটোক আজি স্হানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে | ধৃত চম্পকৰ পৰাও যথেষ্ট পৰিমানৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় | মন কৰিব লগা কথা যে,কাষৰীয়া নগালেণ্ডৰ ডিমাপুৰৰ পৰা মাৰাত্মক ড্ৰাগছ চুঙাজান,পদুমনি আৰু শিলনীজানৰ দিশৰ পৰা ধনশিৰি মহকুমালৈ আনে | এই ক্ষেত্ৰত বৰপথাৰ নগৰ,নাওজান,সৰুপথাৰ,চুঙাজান,উৰিয়ামঘাট আদিত থকা ড্ৰাগছ বেপাৰীয়ে যুৱ প্ৰজন্মৰ হাতত বিক্ৰী কৰি আহিছে | ইতিপূৰ্বে কৰায়ত্ব কৰা ড্ৰাগছ আসক্ত সকলৰ স্বীকাৰোক্তিত এই সকলোবোৰ কথা প্ৰকাশ পাইছিল | কিন্তু অতি পৰিতাপৰ কথা যে,আৰক্ষীয়ে এক ৰহস্যজনক কাৰণত এক নিদিষ্ট দুৰত্বত অৱস্হান কৰি আহে | যাৰবাবে,বৰপথাৰ অঞ্চলত আছুৰ দৰে ছাত্ৰ সংগঠনে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাব লগিয়া পৰিস্হিতি হৈ আহিছে | কিছু দিনৰ আগতে শিলনীজানত স্হানীয় সচেতন ব্যক্তিয়ে এটা ড্ৰাগছ আসক্ত যুৱকক কৰায়ত্ব কৰাত ধৃত যুৱকজনে ড্ৰাগছ সৰবৰাহৰ লগত বৰপথাৰ থানাৰ সমীপৰ লোক জড়িত থকাৰ কথা সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতো আৰক্ষীয়ে কোনো পদক্ষেপ লোৱা দেখা পোৱা নগল |

LEAVE A REPLY

Please enter your comment!
Please enter your name here