Home অসম সদনত শাসক-বিৰোধী বিধায়কৰ বাক্‌যুদ্ধঃ অসমত ২০শতাংশ অপৰাধ কমিছে- মন্ত্ৰী পীয়ূষ হাজৰিকা

সদনত শাসক-বিৰোধী বিধায়কৰ বাক্‌যুদ্ধঃ অসমত ২০শতাংশ অপৰাধ কমিছে- মন্ত্ৰী পীয়ূষ হাজৰিকা

175
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ মাৰ্চ ঃ ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা আৰক্ষীৰ এনকাউণ্টাৰক লৈ আজি একপ্ৰকাৰ সদনৰ মজিয়া উত্তপ্ত হৈ পৰে। পৰিস্থিতি এনে পৰ্যায় পায়গৈ যে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ সৈতে সন্মুখ সমৰত লিপ্ত হয় শাসকীয় দলৰ বিধায়ক। প্ৰশ্নোত্তৰকালত কংগ্ৰেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই ৰাজ্যৰ আইন-শৃংখলাক লৈ প্ৰশ্ন উত্থাপন কৰে। বিধায়কগৰাকীয়ে গৃহ বিভাগৰ প্ৰশ্নৰ উত্তৰত সন্তুষ্ট নহয় বুলি উল্লেখ কৰি সদনৰ মজিয়াত কয় যে আইন-শৃংখলা যদি ভালেই হৈছে, তেন্তে যুৱক-যুৱতী কিয় আলফালৈ যাবলৈ ধৰিছে। আইন-শৃংখলা যদি ভালেই তেন্তে ব্যক্তিগত নিৰাপত্তাৰক্ষী কমাই দিব লাগে। এনকাউণ্টাৰৰ প্ৰসংগ উত্থাপন কৰি বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থই কয় যে প্ৰতিটো অপৰাধী কিয় অসম আৰক্ষীৰ হাতৰ পৰা পলাই যায়। আৰক্ষীৰ কিবা ত্ৰুটি আছে নেকি বুলি সদনত প্ৰশ্ন উত্থাপন কৰে। বিধায়কগৰাকীৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে কেইগৰাকীমান বিধায়কেই ব্যক্তিগত নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ বাবে লিখিত ৰূপত আবেদন দিছে। সেই লিখিত ৰূপত আবেদন দিয়াৰ বাবেই নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হৈছে। আৰক্ষীৰ মেন্যুৱেলত এনকাউণ্টাৰ বুলি কোনো শব্দ নাই বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই উল্লেখ কৰি আৰু কয় যে আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হ’লে অপৰাধীৰ ওপৰত এনে আক্ৰমণ চলিবই। বৰ্তমান অসমত বিশ শতাংশ অপৰাধ কমিছে বুলি মন্ত্ৰীগৰাকীয়ে সদনত উল্লেখ কৰে। আইন-শংখলা আৰু শেহতীয়া এনকাউণ্টাৰৰ প্ৰসংগ সন্দৰ্ভত পৰিপূৰক প্ৰশ্ন কৰি ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে সদনত কয় যে ২৯জন মানুহ আৰক্ষীৰ জিম্মাত মৰিছে বুলি উত্তৰত উল্লেখ কৰিছে।

কিন্তু সংবাদ মাধ্যমৰ পৰা পোৱা তথ্য অনুসৰি ৩৫জন মৰিছে। অসম চৰকাৰে এনকাউণ্টাৰ নীতি হিচাপে লৈছে নেকি বুলি প্ৰশ্ন কৰে অখিল গগৈয়ে। মন্ত্ৰী পীয়ূষ হাজৰিকাই সদনত অসম আৰক্ষীয়ে এনকাউণ্টাৰ কৰাই নাই বুলি উল্লেখ কৰাৰ পিছতেই বিধায়ক অখিল গগৈ সৰৱ হৈ পৰে আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাক উভতি ধৰি কয় যে আপোনালোকৰ ক’বলৈ সাহস নাই। মানুহ হত্যা কৰে সেয়া ক’বলৈ সাহস নাই। অখিল গগৈৰ এনে মন্তব্যৰ পিছতেই শাসকীয় দলৰ কে’বাজনো বিধায়ক জাঙুৰ খাই উঠে। শাসকীয় দলৰ বিধায়ক দিগন্ত কলিতাই আসনৰ পৰা উঠি সদনৰ মজিয়াত প্ৰণৱ বড়োৰ প্ৰসংগ উত্থাপন কৰে আৰু কয় যে প্ৰণৱ বড়োৰ হত্যাকাৰীক ফাঁচি দিব লাগে। এই মন্তব্যৰ পিছতেই একপ্ৰকাৰ সদনৰ মজিয়া উত্তাল হৈ পৰে। বিধায়ক অখিল গগৈ আৰু বিজেপি বিধায়ক দিগন্ত কলিতাই মুখামুখি তৰ্কাতৰ্কিত লিপ্ত হয়। এনে হুলস্থ²লীয়া পৰিৱেশৰ মাজতেই অধ্যক্ষগৰাকীয়ে কয় যে সদনত যদি সকলোৱে যি মন যায় তাকেই কৰে…। এজনে চিঞৰিলে আনজনেও চিঞৰিব। অধ্যক্ষৰ এনে মন্তব্যৰ পিছতেই বিৰোধী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে বিধায়ক দিগন্ত কলিতাক পাকেপ্ৰকাৰে ইংগিত প্ৰদান কৰি কটাক্ষ কৰি কয় যে অধ্যক্ষ আপুনি ৰেকৰ্ডিঙত চাব লাগে বিধানসভাত প্ৰথমবাৰৰ বাবে আহি কোন বিধায়কে অনাহকত চিঞৰি থাকে। জ্যেষ্ঠ কোনোবাই কথা ক’লে কনিষ্ঠই অলপ চাব লাগে। নাম উচ্চাৰণ নকৰিলেও ৰকিবুলৰ এই মন্তব্যৰ পিছতেই বিধায়ক দিগন্ত কলিতাই আসনৰ পৰা উঠি  কয় যে নিৰ্দিষ্ট ব্যক্তিজনৰ নাম কওক। একপ্ৰকাৰ ৰাজ্যৰ আইন-শৃংখলা আৰু এনকাউণ্টাৰৰ প্ৰসংগক লৈ আজি সদনৰ মজিয়াত শাসক-বিৰোধী বিধায়কৰ মাজত তৰ্কাতৰ্কিৰ সৃষ্টি হয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here