Home অসম ১৫-৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক

১৫-৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানীজ এনকেফেলাইটিছৰ প্ৰতিষেধক

120
0


গুৱাহাটী ,  ১২ অক্টোবৰ : ৰাজ্যত এতিয়াৰে পৰা ১৫ বছৰৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ বাবেও উপলব্ধ হ’ল জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰতিষেধক। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ১৫-৬৫ বছৰৰ লোকসকলৰ বাবে জাপানীজ এনকেফেলাইটিছ (জে ই) টিকাকৰণৰ ৰাজ্যজোৰা অভিযান আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। সোণাপুৰৰ জিলা চিকিৎসালয়ত মঙলবাৰে স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জে ই টিকাকৰণ অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, এন এইচএমৰ ৰাজ্যিক অভিযান সঞ্চালক ডাঃ এছ লক্ষমনন, ৰাজ্যৰ স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰ নাথ নাটে, স্বাস্থ্য বিভাগৰ উপ-সচিব কমলজিৎ তালুকদাৰ আৰু স্বাস্থ্যসেৱা (প্ৰতিষেধক) উপ-সঞ্চালক ডাঃ লাল সিঙেও অনুষ্ঠানত অংশগ্ৰহণ কৰে। উল্লেখ্য যে স্বাস্থ্য বিভাগৰ নিয়মীয়া জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক অভিযানৰ জৰিয়তে এতিয়ালৈকে এবছৰৰ পৰা ১৫ বছৰৰ ভিতৰৰ শিশু তথা কিশোৰ-কিশোৰীৰ বাবেহে প্ৰতিষেধক উপলব্ধ হৈছিল। ভাৰত চৰকাৰে ইতিপূৰ্বে পৰীক্ষামূলকভাৱে ১৫ৰ পৰা ৬৫ বছৰ বয়সৰ লোকৰ ক্ষেত্ৰত এই প্ৰতিষেধকৰ সফল প্ৰয়োগ নিশ্চিত কৰাৰ পাছত চলিত বৰ্ষৰ পৰা অসমতো এই বয়সৰ লোকক জাপানীজ এনকেফেলাইটিছ প্ৰতিষেধক প্ৰদানৰ জোৰদাৰ অভিযান চলাবলৈ অনুমতি প্ৰদান কৰে। প্ৰতি বছৰত জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা মাৰ্চৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত এই প্ৰতিষেধক প্ৰদান কৰা নহয় বাবে স্বাস্থ্য বিভাগে এতিয়া অক্টোবৰৰ পৰা টিকাকৰণ অভিযান হাতত লৈছে। অভিযানৰ জৰিয়তে বিভাগটোৱে সততে জাপানীজ এনকেফেলাইটিছৰ সংক্ৰমণ পৰিলক্ষিত হোৱা ৰাজ্যৰ ৯৯টা উন্নয়ন খণ্ড এলেকাৰ ১.৪৭ লাখ লোকক জে ই টিকাকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। অভিযান উদ্বোধন কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই ইতিপূৰ্বে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটা এলেকসমূহৰ জনসাধাৰণক জে ই টিকা গ্ৰহণেৰে নিজকে জাপানীজ এনকেফেলাইটিছৰ দৰে মাৰাত্মক ৰোগ বিধৰ পৰা সুৰক্ষিত কৰিবলৈ আহ্বান জনায়। তেওঁ কয়, ‘আজি শাৰদীয় দুৰ্গোৎসৱৰ মহাসপ্তমীৰ পৱিত্ৰ দিন উপলক্ষতে ৰাজ্যবাসীক জাপানীজ এনকেফেলাইটিছ ৰোগৰ পৰা সুৰক্ষিত কৰিবলৈ স্বাস্থ্য বিভাগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অসমত আজিলৈকে ২ কোটি লোকক প্ৰথম পালি ক’ভিড প্ৰতিষেধক প্ৰদানত সফলতাৰ লগতে সৰ্বমুঠ প্ৰায় ২.৬৫ কোটি পালি ক’ভিড ভেকচিন দিয়া হৈছে। ৰাজ্যবাসীৰ বিপুল সহযোগিতাত ক’ভিড প্ৰতিষেধক অভিযানে এনে উল্লেখনীয় অগ্ৰগতি লাভ কৰাৰ পাছত এতিয়া ৰাইজৰ অনুৰূপ সহযোগিতাৰেই জাপানীজ এনকেফেলাইটিছৰ টিকাকৰণ অভিযানো সম্পূৰ্ণ সফল কৰি তুলিবলৈ সক্ষম হ’ম বুলি আমি আশা কৰিছো।’ অনুষ্ঠানত স্বাস্থ্যসেৱা সঞ্চালক (পৰিয়াল কল্যাণ) মুনীন্দ্ৰ নাথ নাটেই প্ৰকাশ কৰা মতে ইতিমধ্যে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকে ২৮ দিনৰ বিৰতিত জে ই প্ৰতিষেধক গ্ৰহণ কৰিব পাৰিব। অনুৰূপ জে ই প্ৰতিষেধক লোৱা লোকেও ২৮ দিনৰ বিৰতিত ক’ভিডৰ প্ৰতিষেধক ল’ব পাৰিব। ইফালে, আজিৰ অনুষ্ঠানতে স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাজ্যৰ ৯খন জিলাৰ দুৰ্গম, ভিতৰুৱা অঞ্চল আৰু চৰ-চাপৰি এলেকাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে ‘কেয়াৰ ইণ্ডিয়া’ নামৰ এন জি অ’ এটাই স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা ৪০খন ‘ক’ভিড টিকা এক্সপ্ৰেছ’ৰ সেৱাও  আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। কামৰূপ (মহানগৰ), ধুবুৰী, বৰপেটা, গোৱালপাৰা, ডিমা াচাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, দক্ষিণ শালমৰা আৰু ওদালগুৰি জিলাৰ দুৰ্গম এলেকাত ক’ভিড প্ৰতিষেধক প্ৰদানৰ বাবে কেয়াৰ ইণ্ডিয়াই আগবঢ়োৱা ৪০খন টিকা এক্সপ্ৰেছৰ ভিতৰৰ ২৮খন মোবাইল ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী ভান আৰু ১২খন ক’ভিড প্ৰতিষেধক প্ৰদানকাৰী নৌকা। কেয়াৰ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী ৰশ্মি মহান্তিয়েও ভাগ লোৱা অনুষ্ঠানটোত স্বাস্থ্যমন্ত্ৰীয়ে পতাকা জোকাৰি মোবাইল ক’ভিড প্ৰতিষেধক ভানকেইখন সংশ্লি­ষ্ট জিলাসমূহলৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here