Home স্থানীয় সেউজীয়া ধৰণী ধুনীয়া কৰাৰ মন প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ

সেউজীয়া ধৰণী ধুনীয়া কৰাৰ মন প্ৰকৃতিপ্ৰেমী অনুপ মহনৰ

111
0

সোণাৰুৰ হালধীয়া আৰু কৃষ্ণচূড়া-ৰাধাচূড়াৰ ৰঙেৰে প্ৰকৃতিক ৰঙীণ কৰাৰ লক্ষ্য

চৰাইদেউৰপৰা অভিজিৎ ভূঞাৰ প্ৰতিবেদন :
সোণাৰুৰ হালধীয়া আৰু কৃষ্ণচূড়া-ৰাধাচূড়াৰ ৰঙেৰে প্ৰকৃতিক ৰঙীন কৰাৰ সপোন এজন ব্যক্তিৰ। এই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ ইতিমধ্যে হাতে-কামে লাগিছে সোণাৰিৰ এইগৰাকী ব্যক্তিয়ে। কেৱল সেয়াই নহয় চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে ২০ হাজাৰতকৈয়ো অধিক গছপুলি ৰোপণ কৰি এক ব্যতিক্ৰমী দৃষ্টান্ত ডাঙি ধৰিছে এইগৰাকী ব্যক্তিয়ে। মন কৰিবলগীয়া যে, প্ৰকৃতি সুৰক্ষাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ব্যক্তি তথা দল-সংগঠনে সজাগতামূলক কাৰ্যসূচী পালন কৰি আহিছে যদিও প্ৰকৃতাৰ্থত ব্যৱহাৰিক ক্ষেত্ৰত এয়া এশ শতাংশই সম্পন্ন হয়তো নোহোৱাকৈ থাকি গৈছে। আনহাতে গছ থাকিলেহে মানুহ থাকিব এই বাক্যশাৰী বাস্তৱত ৰূপায়িত কৰিবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যাও তেনেই নগণ্য। তাৰ বিপৰীতে চৰাইদেউ জিলাৰ সোণাৰিৰ বাসিন্দা অনুপ মহনে দেখুৱাইছে এক নিদৰ্শন। চৰাইদেউ জিলাৰ দিচাংপানী বৰচহকী অঞ্চলৰ এইগৰাকী প্ৰকৃতিপ্ৰেমী অনুপ মহনে বৃক্ষৰোপণত সৰ্বাধিক গুৰুত্ব দিয়া লগতে জিলাখনৰ বিভিন্ন প্ৰান্তত সোণাৰু, কৃষ্ণচূড়াৰ ৰঙেৰে ৰঙীণ কৰি তুলিবলৈ ইতিমধ্যে হাতেকামে লাগিবলৈ নামি পৰিছে। বিগত এটা বছৰত জিলাখনৰ দিচাংপানী, সোণাৰি, বকতা, লাকুৱা, মাহমৰাৰ লগতে চৰাইদেউ মৈদাম ক্ষেত্ৰত সোণাৰু-কৃষ্ণচূড়া পুলি ৰোপন কৰাই নহয় আপডালেৰে ডাঙৰ দীঘল কৰাতো ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। প্ৰকৃতি প্ৰেমী এইগৰাকী ব্যক্তিয়ে নানা বাধা-বিঘনি নেওচি বিগত বছৰটোত গছপুলি ৰোপণ কৰা লগতে পুলিৰ আপডাল কৰা, বেৰা দি সুৰক্ষিত কৰাত নিজকে নিয়োজিত কৰা বাবে প্ৰতিটো পুলি লহপহকে বাঢ়ি অহাও পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে এইগৰাকী ব্যক্তিয়ে চৰাইদেউ জিলাৰ চলাপথাৰ, দিচাং পানী, বৰচহকী অঞ্চলৰ ৰাইজক লগত লৈ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, জনপ্ৰিয় কণ্ঠশিল্পী দ্বয় জুবিন গাৰ্গ আৰু বিপিন চাউদাঙৰ নামেৰে ”লুৰিণ-জুবিন-বিপিন সোণাৰু প্ৰকল্প” নামেৰে বহু হাজাৰ সোণাৰু গছৰ পুলি ৰোপন কৰা লগতে পুলিসমূহ আপডাল কৰি সোণাৰুৰ হালধীয়াৰে অঞ্চলটোক উজ্জীৱিত কৰি তুলিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আনহাতে চৰাইদেউৰ চাওলুং চুকাফা মৈদাম ক্ষেত্ৰৰ লগতে ওচৰতে থকা লাংকুৰী দেওশাল, লাংকুৰী দ’লৰ কাষৰীয়া অঞ্চলত থকা আহোম ৰাজত্বকালৰ ঐতিহ্য বহনকাৰী স্থানসমূহত “স্বৰ্গদেউ চাওলুং চুকাফা সোণাৰু প্ৰকল্প” নামেৰে এক কাৰ্যসূচীৰ জৰিয়তে গছপুলি ৰোপণ কৰাৰ এক পদক্ষেপ গ্ৰহণ কৰিছিল অনুপ মহনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here