Home স্থানীয় কৰোণাৰ সময়ত বজালীৰ উদ্যোগপতি অনুপম শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ পঞ্চাশ লাখ

কৰোণাৰ সময়ত বজালীৰ উদ্যোগপতি অনুপম শৰ্মাৰ মুখ্যমন্ত্ৰীলৈ পঞ্চাশ লাখ

33
0

জালীৰ পৰা মৃন্ময় পাঠক 26 মে : কৰোণা মহামাৰীৰ দৰে এনে দুৰ্যোগৰ সময়ত প্ৰতি বছৰে দুৰ্গত ৰাইজক সহায় কৰি নিজৰ মহানুভৱতাৰ পৰিচয় দিয়া অসমৰ আগশাৰীৰ উদ্যোগপতি অভিযন্তা বজালীৰ সু সন্তান অনুপম শৰ্মাই মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ পঞ্চাশ লাখ টকা আগবঢ়াই নিজৰ মহানুভৱতাৰ পৰিচয় দিছে। বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ বামাখাটাৰ নিবাসী তথা এএনপিএল নামৰ নিৰ্মাণ সংস্থাৰ স্বত্বাধিকাৰী অনুপম শৰ্মাই বিগত বৰ্ষৰ কৰোণাৰ সময়ত প্ৰধানমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ পঞ্চাশ লাখ আৰু অসম আৰোগ্য নিধিলৈ পশিচ লাখ মুঠ পশাত্তৰ লাখ টকাৰ অনুদান আগবঢ়াইছিল। পুনৰ কৰোণাই দেশজুৰি ভয়াবহ ৰূপ ধাৰণ কৰাত আজি অনুপম শৰ্মাই ৰাজ্যৰ নব নিযুক্ত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেকযোগে পঞ্চাশ লাখ টকা অসমৰ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াই। ৰাজ্যৰ এনে দুৰ্যোগৰ সময়ত বজালীৰ এজন সুযোগ্য সন্তানৰ এনে মহানুভৱতাত বজালীবাসী গৌৰব অনুভব কৰিছে। এনেদৰে ৰাজ্যৰ সকলো প্ৰতিপত্তিশীল উদ্যোগপতি ব্যবসয়ী সকলে যদি চৰকাৰক সহায়ৰ হাত আগবঢ়াই তেন্তে অসম বাসী এই দুৰ্যোগৰ পৰা শীঘ্ৰে পৰিত্ৰাণ পাব সেয়া নিশ্চিত।

LEAVE A REPLY

Please enter your comment!
Please enter your name here