Home অসম ১০০০ মেগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে এপিডিচিএল আৰু এনএলচি ইণ্ডিয়া লিমিটেডৰ...

১০০০ মেগাৱাট নবীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে এপিডিচিএল আৰু এনএলচি ইণ্ডিয়া লিমিটেডৰ মাজত বুজাবুজিৰ চুক্তিত স্বাক্ষৰ , জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰাকৈ শক্তি আহৰণত গুৰুত্ব

122
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৯ আগষ্ট ঃ অধিক নবীকৰণযুক্ত উৎপাদনেৰে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যসূচীক অধিক সবল কৰি তুলিবলৈ ৰাজ্যত সেউজ শক্তি উৎপাদন বৃদ্ধি কৰি ১০০০ মেগাৱাট নৱীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপনৰ বাবে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড [এপিডিচিএল] আৰু এন এল চি ইণ্ডিয়া লিমিটেডৰ মাজত আজি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়৷ আজি জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় কয়লা, খনি তথা সংসদীয় পৰিক্ৰমা দ৫১১ মন্ত্ৰী যোশীৰ উপস্থিতিত এন এল চি ইণ্ডিয়া লিমিটেডৰ পৰিচালন সঞ্চালক কে মোহন ৰেড্ডী আৰু এপিডিচিএলৰ পৰিচালন সঞ্চালক ৰাকেশ কুমাৰে এই বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে৷ এই বুজাবুজিৰ চুক্তিৰ জৰিয়তে ৰাজ্যখনত স্থাপন হ’বলগীয়া ১০০০ মেগাৱাট সৌৰশক্তি প্ৰকল্পটোৱে ৰাজ্যৰ বদ্ধিৰ্ত শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ এপিডিচিএল আৰু এন এল চি আই এলৰ মাজত ৪৯ঃ৫১ অনুপাতৰ যৌথ প্ৰকল্পটো স্থাপনৰ উদ্যোগ লোৱা হ’ব৷ এই উপলক্ষে ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই বিদ্যুৎ উৎপাদনৰ দিশত ৰাজ্যৰ বাবে আজিৰ এই দিনটো এক ঐতিহাসিক দিন বুলি অভিহিত কৰে৷ তেওঁ কয় যে যিহেতু অসমত বিদ্যুতৰ প্ৰয়োজনীয়তা বৃদ্ধি পাইছে সেয়েহে ৰাজ্যখনে নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অধিক শক্তি উৎপাদন কৰিব পৰাকৈ প্ৰকল্প গঢ়ি তুলিব লাগিব৷ আনহাতে, একে সময়তে জলবায়ু পৰিৱৰ্তনৰ সৈতে মোকাবিলা কৰিব পৰাকৈও শক্তি আহৰণত গুৰুত্ব আৰোপ কৰিব লাগিব৷ তেওঁ কয় যে এই সৌৰ শক্তি প্ৰকল্পটো আৰম্ভ হ’লে ৰাজ্যখনে নিজৰ প্ৰয়োজনীয়তা পূৰণ কৰি বৃহৎ পৰিমাণৰ সেৱা আগবঢ়াবলৈ সক্ষম হ’ব৷ তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যি যঁুজ আৰম্ভ কৰিছে সেই দিশত ৰাজ্যখনে অধিক নৱীকৰণযোগ্য শক্তি উৎপাদন কৰি ৰাজ্যখনৰ চাহিদা পূৰণ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তন ৰোধতো ইতিবাচক প্ৰভাৱ পেলাবলৈ সমৰ্থ হ’ব৷ মুখ্যমন্ত্ৰীয়ে কয় যে এই ১০০০ মেগাৱাট সৌৰশক্তি প্ৰকল্পৰ উপৰি ৰাজ্য চৰকাৰে এন এল চি আই এলৰ সৈতে আৰু ১০০০ মেগাৱাট সেউজ শক্তি প্ৰকল্পৰ বাবে আন এক যৌথ উদ্যোগ গ্ৰহণ কৰিবলৈও প্ৰস্তুত হৈছে৷ তেওঁ লগতে কয় যে অদূৰ ভৱিষ্যতে জীৱাষ্ম ইন্ধনৰ ওপৰত ৰাজ্যৰ নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লগতে সেউজ শক্তি উৎপাদন বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক নিৰ্দিষ্ট পৰিকল্পনাও গ্ৰহণ কৰিছে৷ ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ বাবে অসমে এক দীৰ্ঘম্যাদী পৰিকল্পনা ৰূপায়ণৰ বাবে কাম কৰিব লাগিব বুলিও তেওঁ কয়৷ এন এল চি আই এলক বিদ্যুৎ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সৈতে যৌথ উদ্যোগ গ্ৰহণৰ দিশত কেন্দ্ৰীয় কয়লা, খনি আদি দ৫১১ মন্ত্ৰী যোশীয়ে লোৱা ভূমিকাৰ বাবেও ধন্যবাদ জ্ঞাপন কৰে৷ তদুপৰি, মাৰ্ঘেৰিটাত ক’ল ইণ্ডিয়া লিমিটেডৰ নৰ্থ ইষ্টাৰ্ণ ক’ল ফিল্ডত কাম-কাজ আৰম্ভ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লোৱা উদ্যোগৰ বাবেও তেওঁক ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, কেন্দ্ৰীয় কয়লা, খনি ইত্যাদি দ৫১১ মন্ত্ৰী যোশীয়েও অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে তেওঁৰ মন্ত্ৰালয়ে লোৱা কাৰ্যপন্থা সম্পৰ্কত অনুষ্ঠানত বিশদভাৱে বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত এন এল চি আই এলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ প্ত কোটি টকাৰ সাহায্য আগবঢ়ায়৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সাহায্যৰ এই চেক মুখ্যমন্ত্ৰীৰ হাতত প্ৰদান কৰে৷ মুখ্যমন্ত্ৰীয়ে কোম্পানীটোৰ এই পদক্ষেপক শলাগ লৈ কয় যে এই বৰঙণিৰ জৰিয়তে ৰাজ্যৰ বানপীড়িত লোকসকলৰ পুনৰ সংস্থাপন আৰু পুনৰ নিৰ্মাণৰ প্ৰচেষ্টাত ৰাজ্য চৰকাৰে লোৱা স্থিতিক অধিক সৱল কৰি তুলিব৷ আজিৰ এই অনুষ্ঠানত শক্তি, সমবায়, খনি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা প্ৰমুখ্যে অসম চৰকাৰৰ কে’বাজনো মন্ত্ৰী, শক্তি বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মা, এন এল চি ইণ্ডিয়া লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰাকেশ কুমাৰ আৰু অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here