Home অসম চাপৰত এপিনে বন ধবংস, আনপিনে মাটিৰ অবৈধ খনন: বন বিভাগক মেনেজ কৰি...

চাপৰত এপিনে বন ধবংস, আনপিনে মাটিৰ অবৈধ খনন: বন বিভাগক মেনেজ কৰি ভূ-মাফিয়াৰ দপ্‌দপনি শালগছ-ৰঙা মাটিৰ অবৈধ খনন

215
0


গণ বাৰ্তা, চাপৰ, ৰ ডিচেম্বৰ : ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা বহলপুৰ আঞ্চলিক বন বিভাগৰ অধীনস্থ একাংশ অঞ্চলত চলিছে বন নিধনযজ্ঞ৷ বন বিভাগৰ নিিয়তাৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি একাংশ দুষ্কৃতিকাৰীয়ে বিনাদিধাই অবৈধ খনন অব্যাহত ৰখাৰ লগতে নিশাৰ সুযোগ গ্ৰহণ কৰি বন ধবংস যজ্ঞত নামি পৰিছে৷ অভিযোগ মৰ্মে, দুষ্কৃতিকাৰীয়ে নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি প্ৰস্তাৱিত সংৰক্ষিত বনাঞ্চলৰ শাল-চেগুন গছ কাটি এফালৰ পৰা তহিলং কৰিছে৷ সমান্তৰালভাৱে একাংশ ভূ-মাফিয়াই বন বিভাগৰ দুৰ্বলতাৰ সুযোগ কৰি নিৰ্বিঘ্নে চলাই গৈছে ৰঙা মাটিৰ খনন৷ অবৈধভাৱে মাটি খনন কৰাৰ বাতৰি একাংশ সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে পৰিৱেশন হোৱাৰ পিছতে বহলপুৰ আঞ্চলিক বন বিভাগৰ সৈতে ঘনিষ্ট সম্পৰ্ক থকা ভূ-মাফিয়া এগৰাকীয়ে ওলোটাই সাংবাদিকৰ বিৰুদ্ধে চাপৰ থানাত এজাহাৰ দাখিল কৰা ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে একাংশ মাটিৰ ব্যৱসায়ীয়ে ব্যৱসায় কৰাৰ উদ্দেশ্য বন বিভাগক ৰয়েল্টী প্ৰদান কৰিছে৷ কিন্তু বন বিভাগক সামান্য মাটিৰ ৰয়েল্টী প্ৰদান কৰি দিনে-নিশাই চলাইছে খনন কাৰ্য৷ বন বিভাগৰ চকুত ধূলি দি এখন ৰয়েল্টী প্ৰদানৰ কাগজৰে সম্পূৰ্ণ দিনটো মাটি খনন কৰি আছে৷ আন এক অভিযোগ মৰ্মে বন বিভাগৰ বিষয়াই ৰয়েল্টী লৈ অনুমতি প্ৰদান কৰাৰ পিছত প্ৰকৃতাৰ্থত কিমান মাটিৰ বাবে অনুমতি প্ৰদান কৰিছে, ঠাইডোখৰৰ কামান ভূমি খনন কৰিলে আৰু কিমান গাঁতৰ সৃষ্টি হ’ল সেয়া পৰিদৰ্শন কৰিবলৈ নজোৱাৰ বাবে বিনা দিধাই মাটিৰ অবৈধ খনন চলাই আছে৷ আনপিনে, বহলপুৰ আঞ্চলিক বন বিভাগৰ সীমাৰ ভিতৰত নিশা ৩-চ্ছ্ৰ বজাতে ট্ৰেক্টৰেৰে নদীৰ বালিও খনন কৰা পৰিলক্ষিত হৈছে৷ বনমন্ত্ৰী আৰু বন বিভাগৰ ঊধ্বৰ্তন বিষয়াসকলে বহলপুৰ আঞ্চলিক বন বিভাগটোৰ ওপৰত কি ব্যৱস্থা হাতত লয় সেয়া হ’ব লক্ষণীয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here