Home Main Stories আদালতত হাজিৰ বসন্ত দলে, ছামেদুৰ ৰহমান : আৰম্ভ এ পি এছ চি...

আদালতত হাজিৰ বসন্ত দলে, ছামেদুৰ ৰহমান : আৰম্ভ এ পি এছ চি কেলেংকাৰীৰ বিচাৰ প্ৰক্ৰিয়া

91
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৫ অক্টোবৰ: ৰাকেশ পালৰ এ পি এছ চিৰ চাকৰিৰ দোকানৰ পৰা চাকৰি ক্ৰয় কৰি ৰঙা ঘৰৰ আলহী হোৱা ৬৯জন কলংকিত ৰাজপত্ৰিত বিষয়াকে আদি কৰি ৭২জন অভিযুক্তৰ বিৰুদ্ধে আজিৰে পৰা শুনানি প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ত এ পি এছ চি কেলেংকাৰীৰ বিচাৰৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হয়৷ উল্লেখ্য যে কিছুদিন পূৰ্বে তদন্তকাৰী আৰক্ষীয়ে অভিযুক্তসকলক কপি ছাৰ্ভ কৰিছিল৷ কপি ছাৰ্ভ কৰাৰ পিছতে আজিৰে পৰা মূল বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হয় যদিও কিছু কাৰণত শুনানি অৰ্ধপূৰ্ণ হৈ ৰয়৷ যাৰ বাবে ন্যায়ালয়ে পৰৱৰ্তী শুনানিৰ দিন ১৫ নৱেম্বৰ ধাৰ্য কৰে৷ উল্লেখ্য যে ৰাজ্যৰ বহু প্ৰভাৱশালী ৰাজনৈতিক নেতাৰ পৰা আদি কৰি এ পি এছ চিৰ বিষয়াৰ পুত্ৰলৈকে সাঙোৰ খাই পৰিছিল কেলেংকাৰীত৷ ৰাকেশ পালৰ নিজা ছপাশালত ছপা কৰা উত্তৰবহীত শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি প্ৰশ্নোত্তৰ লিখি ৰাজপত্ৰিত বিষয়াৰ চাকৰি লাভ কৰিছিল ৬৯জনকৈ লোকে৷ ধনৰ বলত চাকৰি ক্ৰয় কৰা এই ৰাজপত্ৰিত বিষয়াসকলৰ মুখা খোল খাইছিল ডিব্ৰুগড় আৰক্ষীৰ তদন্তৰ পিছতেই৷ ৰাকেশ পালে বসন্ত দলে আৰু ছামেদুৰ ৰহমানৰ সহযোগত অসম লোকসেৱা আয়োগৰ বৃহৎ চাকৰিৰ বজাৰ গঢ়ি তুলিছিল৷ অৱশেষত ডিব্ৰুগড় আৰক্ষীৰ তদন্তত এটাৰ পিছত এটাকৈ তথ্য ওলাই পৰিছিল৷ ইপিনে, অভিযুক্ত নিলম্বিত কলংকিত ৰাজপত্ৰিত বিষয়াই নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ বিপৰীতে কপি বিচাৰিছিল৷ আৰক্ষীয়ে ছাৰ্ভ কৰা কপি পৰ্যাপ্ত নোহোৱাৰ বাবে পুনৰ কিছু নথি-পত্ৰ বিচাৰি আদালতত আবেদন জনাইছিল অভিযুক্তসকলে৷ আবেদন কৰা নথিসমূহ লাভ নকৰাৰ বাবে আজি বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ’ল৷ আজি আৰক্ষীয়ে এ পি এছ চি কেলেংকাৰীৰ অন্যতম অভিযুক্ত বসন্ত দলে আৰু ছামেদুৰ ৰহমানক হাজিৰ কৰায়৷ আনহাতে, অনলাইনযোগে কাৰাগাৰৰ পৰা উপস্থিত থাকে এ পি এছ চি কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড ৰাকেশ পাল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here