Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীক স্নাতকোত্তৰত নামভৰ্তি কৰিবলৈ, নেট-জেআৰএফ পঢ়িবলৈ পৰামৰ্শ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ : তাজমহলৰ...

আবেদনকাৰীক স্নাতকোত্তৰত নামভৰ্তি কৰিবলৈ, নেট-জেআৰএফ পঢ়িবলৈ পৰামৰ্শ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ : তাজমহলৰ ২২ বন্ধ কোঠাৰ দুৱাৰ খোলাৰ আবেদন খাৰিজ ন্যায়ালয়ৰ

59
0


লক্ষ্ণৌ, ১২ মে’ ঃ বিজেপি নেতাই বিশ্বৰ ঐতিহাসিক কীৰ্তিচিহ্ন আগ্ৰাৰ তাজমহলৰ ভিতৰত ২২খন বন্ধ কোঠাৰ দুৱাৰ খোলাৰ অনুমতি বিচাৰি এলাহাবাদ উচ্ছ ন্যায়ালয়ত দাখিল কৰাৰ আবেদন আজি খাৰিজ হৈছে৷ তাজমহলৰ ২২ বন্ধ কোঠাৰ দুৱাৰ খোলাৰ অনুমতিৰ লগতে তাৰ প্ৰকৃত ইতিহাস জানিবলৈ, গৱেষণাৰ সন্মতি প্ৰদান কৰিবলৈ যি আবেদন দাখিল কৰা হৈছিল, সেই আবেদন আজি এলাহাবাদ উচ্ছ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে খাৰিজ কৰে৷ আবেদনকাৰীয়ে ইয়াৰ উপৰি তাজমহলৰ ইতিহাসৰ সত্যতা পোহৰলৈ আনিবলৈ এখন সমিতি গঠনৰ আবেদনো খাৰিজ কৰে৷ ন্যায়ালয়ে আবেদনকাৰীৰ বিৰুদ্ধে সৰৱ হৈ তেওঁক এম এ অধ্যয়নৰ বাবে নামভৰ্তি কৰাৰ পৰামৰ্শ আগবঢ়ায়৷ তাৰ পিছত নেট-জে আৰ এফ পঢ়াৰ পৰামৰ্শ আগবঢ়ায়৷ ইয়াৰ উপৰি ন্যায়ালয়ে কয় যে যদি কোনো বিশ্ববিদ্যালয়ে এনে বিষয়ৰ ওপৰত গৱেষণা কৰিবলৈ নিষেধাজ্ঞা কৰে, তেন্তে তেওঁ আমাৰ ওচৰলৈ আহিব পাৰিব৷ এনেধৰণে ন্যায়ালয়ে আজি আবেদনকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰা পৰিলক্ষিত হয়৷ বিষয়টোৰ ওপৰত পৰ্যাপ্ত পৰিমাণে জ্ঞান আহৰণ কৰিবলৈ আবেদনকাৰীক পৰামৰ্শ আগবঢ়ায় ন্যায়ালয়ে৷ ন্যায়ালয়ে কয় যে ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ প্ৰণালীক হাঁহিয়াতৰ পাত্ৰ কৰিব নালাগে৷ উল্লেখ্য যে এই আবেদন ডাঃ ৰজনীশ সিঙে দাখিল কৰিছিল৷ যিজনে নিজকে বিজেপিৰ অযোধ্যাৰ মিডিয়া প্ৰ’ভাৰী বুলি দাবী কৰে৷ ন্যায়ালয়ে কয় যে আবেদনকাৰীয়ে তেওঁৰ কোনটো আইনী বা সাংবিধান অধিকাৰ উলংঘন কৰা হৈছে, সেয়া কোৱাত ব্যৰ্থ হৈছে৷ ন্যায়াধীশ ডি কে উপাধ্যায় আৰু ন্যায়াধীশ সুভাষ বিদ্যাৰ্থীৰ খণ্ড বিচাৰপীঠে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ন্যায়ালয়ে ভাৰতীয় সংবিধানৰ অনুচ্চেদ ২২৬ ৰ আধাৰত এনেধৰণৰ আদেশ জাৰি কৰিব নোৱাৰে৷ যেতিয়া আবেদনকাৰীয়ে দাবী কৰিছিল যে তাজমহলৰ বন্ধ কোঠাবোৰৰ বিষয়ে তেওঁৰ অধিকাৰ আৰু তথ্য লাভ কৰাৰ স্বাধীনতা উলংঘন কৰা হৈছে৷ তেওঁৰ এই দাবীৰ প্ৰতিক্ৰিয়াস্বৰূপে ন্যায়ালয়ে প্ৰশ্ন উত্থাপন কৰি কয় যে এইটো কিমানদূৰ শুদ্ধ৷ আবেদনকাৰীক গৱেষণা কৰিবলৈ পৰামৰ্শ আগবঢ়োৱাৰ লগতে উচ্ছ শিক্ষাগ্ৰহণ কৰিবলৈও পৰামৰ্শ আগবঢ়ায়৷ বিচাৰপীঠে আৰু কয় যে প্ৰকৃত তথ্য বিচৰাৰ বাবে আবেদনকাৰীয়ে যি সমিতি গঠনৰ আহ্বান জনাইছে, সেয়া তেওঁৰ অধিকাৰৰ বিষয় নহয়৷ এয়া আৰ টি আইৰ অধিনিয়মৰ অন্তৰ্গত নহয়৷ উল্লেখ্য যে যোৱা সাত মে’ত লক্ষ্ণৌ বিচাৰপীঠত দাখিল কৰা আবেদনত তাজমহলৰ বন্ধ কোঠা খুলিবলৈ নিৰ্দেশ দিবলৈ কোৱা হৈছিল৷ ২০১৭ত বিজেপি নেতা বিনয় কাটিয়াৰে দাবী কৰিছিল যে সোতৰ শতাব্দীত স্মাৰক তাজমহল নিৰ্মাণ মোগল সম্ৰাট ছাহজাহানে এটা হিন্দু মন্দিৰ ক্ষতি কৰি নিৰ্মাণ কৰিছিল৷ কিন্তু ২০১৭১ আগষ্টত ভাৰতীয় পুৰাতত্ত্ব জৰীপত আগ্ৰাৰ ন্যায়ালয়ক অৱগত কৰিছিল যে তাজমহলত কোনো হিন্দু মন্দিৰ নাই আৰু তাত কেৱল সমাধি আছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here