Home Main Stories আব্দুল আজিজ আহমেদক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি

আব্দুল আজিজ আহমেদক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ নিযুক্তি

141
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ এপ্ৰিল ঃ অসম প্ৰদেশ কংগ্ৰেছৰ নতুন মুখপাত্ৰ হিচাপে নিযুক্তি দিয়া হৈছে বাঘবৰ সমষ্টিৰ যুৱনেতা আব্দুল আজিজ আহমেদক। দলটোৰ সভাপতি ভূপেন বৰাই যোৱা ২৬ মাৰ্চত দিছে এই নিযুক্তি। প্ৰদেশ কংগ্ৰেছৰ এই নিযুক্তিয়ে বাঘবৰৰ আব্দুল আজিজক শ্বেৰমানৰ বিকল্প বুলি ৰাজনৈতিক মহলত চিন্তা-চৰ্চা কৰিছে। প্ৰদেশ কংগ্ৰেছে আজিজক মুখপাত্ৰৰ দায়িত্ব দি শ্বেৰমান আলীৰ বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছে তাক নুই কৰিব নোৱাৰি। ইফালে, নিযুক্তি পোৱা মুখপাত্ৰ আব্দুল আজিজক লৈ বাঘবৰ সমষ্টিৰ ৰাইজৰ মাজত চলিছে নতুন সমীকৰণ। বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ বিকল্প প্ৰাৰ্থী হিচাপে অহা ২০২৬ৰ নিৰ্বাচনত মুখপাত্ৰ আজিজক ৰাইজে আঁকোৱালি ল’ব নেকি এই লৈ সমষ্টিবাসীৰ মাজত চলিছে গুণাগথা।  দলৰ অনুশাসন ভংগ কৰাৰ অভিযোগত কংগ্ৰেছ দলৰ পৰা ইতিমধ্যে নিলম্বিত কৰা হৈছে বিতৰ্কিত বিধায়ক শ্বেৰমান আলী আহমেদক। আনকি শ্বেৰমান আলীৰ বিধায়ক পদো খাৰিজ কৰিবলৈ বিধান সভাৰ অধ্যক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে কংগ্ৰেছ বিধায়নী দলৰ নেতা দেৱব্ৰত শইকীয়াই। বিধায়ক শ্বেৰমান আলী আহমেদৰ বিভিন্ন বিতৰ্কমূলক মন্তব্য আৰু দলবিৰোধী কাৰ্যত দলে তেওঁৰ বিৰুদ্ধে কঠোৰ হোৱাৰ সময়তে একেটা সমষ্টিৰ এজন উচ্চ শিক্ষিত ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী বাকপটু যুৱ নেতা আব্দুল আজিজ আহমেদক প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দৰে এটা গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাত ৰাজনৈতিক মহলত বিশেষ তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here