Home অসম অৱসৰপ্ৰাপ্ত শিক্ষক ছমিৰ উদ্দিন আহমেদৰ মৃত্যু

অৱসৰপ্ৰাপ্ত শিক্ষক ছমিৰ উদ্দিন আহমেদৰ মৃত্যু

1563
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২১ জুলাই ঃ বৰপেটা জিলাৰ গান্ধাৰীপাৰা গাঁও নিৱাসী তথা উত্তৰ গান্ধাৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ছমিৰ উদ্দিন আহমেদৰ আজি মৃত্যু হয়৷ কিছুদিন ধৰি অসুস্থ হৈ আছিল অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী৷ আজি নিজ বাসগৃহতেই শেষ নিশ্বাস ত্যাগ কৰে আহমেদে৷ তেওঁৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পৰিছে৷ মৃত্যুৰ খবৰ বিয়পি পৰাৰ পিছতেই আহমেদক শেষশ্ৰদ্ধা জ্ঞাপন কৰিবলৈ হাজাৰ হাজাৰ লোক তেওঁৰ বাসগৃহত উপস্থিত হয়৷ এক শোকাকুল পৰিৱেশৰ মাজত গান্ধাৰীপাৰা হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত জানাজা সম্পন্ন কৰা হয়৷ উল্লেখ্য যে আহমেদে অঞ্চলটোৰ বিভিন্ন সমস্যাক লৈ সৰৱ ভূমিকা পালন কৰিছিল৷ আহমেদৰ মৃত্যুত বিভিন্ন দল-সংগঠনৰ লগতে ‘দৈনিক গণ অধিকাৰ’ কাকতৰ সঞ্চালক ছাহজাহান তালুকদাৰে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here