Home স্থানীয় মাজুলীত বৰবিল বেবেজীয়া পানী যোগান আঁচনিৰ “কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ” আনুষ্ঠানিকভাৱে ৰাইজলৈ...

মাজুলীত বৰবিল বেবেজীয়া পানী যোগান আঁচনিৰ “কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ” আনুষ্ঠানিকভাৱে ৰাইজলৈ সমৰ্পিত কৰে উপায়ুক্ত বিক্ৰম কৈৰীয়ে

293
0

গণবাৰ্তা, উজনি মাজুলী, ১ ছেপ্তেম্বৰ : মংগলবাৰে মাজুলীত জল জীৱন মিছনৰ অধীনত বৰবিল বেবেজীয়া পানী যোগান আঁচনিৰ “কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ” আনুষ্ঠানিকভাৱে ৰাইজলৈ সমৰ্পিত কৰে উপায়ুক্ত বিক্ৰম কৈৰীয়ে । এই উপলক্ষে চেৰপাই গাওঁ পঞ্চায়তৰ অন্তৰ্গত মনভালচুকত পানী যোগান প্ৰকল্পৰ চৌহদত আয়োজিত এখন সভাত অংশ লৈ স্থানীয় বিশিষ্ট নাগৰিক সকলে চৰকাৰে বিশুদ্ধ পানী যোগানৰ বাবে লোৱা এই পদক্ষেপৰ ওপৰত সন্তুষ্টি প্ৰকাশ কৰে ।এই আঁচনিৰ জৰিয়তে পানীত থকা আৰ্চেনিকৰ দৰে বিষাক্ত পদাৰ্থ সমূহ আতৰাই ৬৭৯ টি গৃহলৈ মংগলবাৰৰ পৰা বিশুদ্ধ খোৱা পানী যোগান ধৰা হৈছে ।উল্লেখযোগ্য যে, এই আঁচনিৰ জৰিয়তে মাজুলীত মুঠ ১৭.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ পানী যোগান পাইপ স্হাপন কৰা হব আৰু ইয়াৰে ১৪ কিলোমিটাৰ পাইপ স্হাপনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে । এই আঁচনিসমূহৰ মেৰামতি আৰু চোৱা-চিতা কৰাৰ দায়িত্ব পঞ্চায়তসমূহে গ্ৰহণ কৰিব । সভাত অতিৰিক্ত উপায়ুক্ত কাৰ্তিক কলিতা, দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, বীৰেন শইকীয়া, আঞ্চলিক পঞ্চায়তৰ সদস্যা অনুৰুপা পাতিৰ, চেৰপাই পঞ্চায়তৰ সভাপতি বিজয় দলে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কমলাবাৰী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যকৰী অভিযন্তা শিশিৰ ভৰালী, জল জীৱন মিছনৰ নডেল বিষয়া নৱজ্যোতি বুঢ়াগোহাঁই, সহকাৰী ৭অভিযন্তা অমলজিত ভৰালী, কনিষ্ঠ অভিযন্তা উদ্দীপ্ত গগৈ, জল জীৱন মিছনৰ জিলা সমন্বয়ক পাৰ্থ প্ৰতিম শইকীয়া, তথ্য, শিক্ষা আৰু সংযোগৰ জিলা সমন্বয়ক অলকেশ গগৈ আৰু অন্যান্য বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here