Home অসম অসমীয়াতে লিখিব পাৰিব এপিএছচিৰ পৰীক্ষা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

অসমীয়াতে লিখিব পাৰিব এপিএছচিৰ পৰীক্ষা : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

265
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৭ নৱেম্বৰ ঃ বঙাইগাঁও কেবিনেটত লোকসেৱা আয়োগৰ পৰীক্ষাৰ পৰা অসমীয়া ভাষাৰ বিষয়টো প্ৰত্যাহাৰ কৰিবলৈ তথা বাধ্যতামূলক নহয় বুলি কৰা সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠন জাঙুৰ খাই উঠাৰ সময়তে অসমৰ অসমীয়া শিক্ষিত যুৱক-যুৱতীসকলৰ বাবে এটা ভাল খবৰ। এতিয়াৰে পৰা অসম লোকসেৱা আয়োগ চমুকৈ এপিএছচিৰ প্ৰাথমিক আৰু মূল পৰীক্ষাত অসমীয়া ভাষাতেই লিখিব পাৰিব শিক্ষাৰ্থীয়ে। আজি ৰাজ্য চৰকাৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। ২০১৮ চনতেই সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হৈ থকা সময়ত ৰূপায়ণ কৰা আইন আজি চৰকাৰে প্ৰত্যাহাৰ কৰে আৰু অসমৰ শিক্ষাৰ্থীসকলে অসমীয়া ভাষাতেই এপিএছচিৰ প্ৰাথমিক আৰু মূল পৰীক্ষা লিখাৰ সুবিধা লাভ কৰিব। আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয় যে বঙাইগাঁও কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কে বিভিন্ন পক্ষই একো নজনাকৈয়ে চিঞৰ-বাখৰ কৰি আছে। আচল কথা কোনেও চিন্তা নকৰে। ওপৰে ওপৰে শুনি-বুজি চিঞৰ-বাখৰ কৰি আছে। মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া ভাষাৰ এখন কাকত লোকসেৱা আয়োগৰ পৰীক্ষাত বাধ্যতামূলক কৰা সিদ্ধান্তটো ২০১৮ চনত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ সময়তেই লোৱা হৈছিল। উক্ত সিদ্ধান্তৰ বিৰুদ্ধে একাংশ অসমীয়া ল’ৰা-ছোৱালীয়ে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। অতি পৰিতাপৰ বিষয় যে অসমীয়া বিষয়ৰ পাঠ্যক্ৰমটো কেইখনমান জিলাতেই সীমাবদ্ধ আছিল।

অসমৰ কেইখনমান জিলাতেই এই আইন প্ৰযোজ্য আছিল। বিজেপি চৰকাৰৰ দিনতেই লোৱা এটা ভুল সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ বঙাইগাঁৱৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বৰ সেই ব্যৱস্থা বাহাল থাকিলে ইংৰাজী মাধ্যমত অধ্যয়ন কৰা বহু অসমীয়া ল’ৰা-ছোৱালীয়ে লোকসেৱা আয়োগৰ পৰীক্ষাত ভাগ ল’ব নোৱাৰিব। ইয়াৰ পৰিৱেৰ্ত সলসলীয়াকৈ অসমীয়া ভাষা ক’ব পৰা, অসমৰ নিয়োগ বিনিয়োগ কেন্দ্ৰত নাম পঞ্জীয়ন আৰু অসমৰ স্থায়ী বাসিন্দা হোৱাৰ চৰ্ত ৰখা হ’ল। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দুজন ছাত্ৰই মোলৈ হোৱাট্‌ছ এপযোগে এক বাৰ্তা প্ৰেৰণ কৰে। উক্ত বাৰ্তাত উল্লেখ কৰে যে এচিএছ পৰীক্ষাত অসমীয়া লিখিব নোৱাৰে। তেওঁলোক আমাক এচিএছৰ পৰীক্ষাত অসমীয়া ভাষাত লিখিবলৈ সুবিধা কৰি দিয়াৰ আহবান জনায়। এই বিষয়টো অৱগত হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে এপিএছচিৰ কতৃÇপক্ষৰ সৈতে আলোচনা কৰে আৰু অৱগত হয় যে ২০১৮ চনত ৰূপায়ণ কৰা আইনৰ বাবে এচিএছ পৰীক্ষাত কেৱল ইংৰাজীতহে লিখিব পাৰিব। উক্ত আইনখন প্ৰত্যাহাৰ কৰি এতিয়াৰে পৰা সকলোৱে এচিএছৰ পৰীক্ষাত অসমীয়া ভাষাতেই লিখিব পাৰিব বুলি আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

তেওঁ লগতে কয় যে ইংৰাজী মাধ্যমৰ ১৫ লাখ শিক্ষাৰ্থী আছে। তেওঁলোকৰ অভিশাপ মই ল’ব নিবিচাৰোঁ। অসমীয়া মাধ্যম আৰু ইংৰাজী মাধ্যমৰ নামত জাতিটোক আৰু দুৰ্বল কৰাৰ ষড়যন্ত্ৰ নচলিব। তেওঁ লগতে আৰু কয় যে এনেই অসমীয়া জাতি এফালৰ পৰা পিষ্ট হৈ আহিছে। গতিকে জাতিটোক যাতে দুৰ্বল নকৰে তাৰ বাবে সকলোকে আহবান জনায়। এপিএছচিৰ পৰীক্ষাত অসমীয়া ভাষা বাধ্যতামূলক নহয় বুলি কৰা সিদ্ধান্ত সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে লগতে কয় যে কোনো ক্ষেত্ৰতেই বাধ্যতামূলক কৰিব নোৱাৰি। যদি অসমীয়া মাধ্যমত নপঢ়ে তেন্তে বন্দুক বাৰুদ লৈ পঢ়াব নোৱাৰি। বাধ্যতামূলক নতুন যুগত নাথাকে। অসমীয়া-বড়ো হ’ল এতিয়া অসমীয়া ইংৰাজী মাধ্যম লৈ ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ চলিছে। এই ষড়যন্ত্ৰ মষিমূৰ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজনৈতিক দলক কিদৰে চম্ভালিব লাগে সেয়া মই জানো। যি কি নহওক এতিয়াৰে পৰাই এপিএছচিৰ পৰীক্ষাত শিক্ষাৰ্থীসকলে অসমীয়া ভাষাতেই লিখিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here