গনবাৰ্তা, ৰঙাপৰা,১মাৰ্চ:-৬ মাৰ্চত ৰাজ্যত অনুস্থিত হ’ব পৌৰসভা নিৰ্বাচন। পৌৰসভা নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত ৰাজনৈতিক দলৰ নেতা কৰ্মী ৷ ব্যতিক্ৰম নহয় ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰঙাপৰা পৌৰসভাও।সমাগত পৌৰসভা নিৰ্বাচন প্ৰতি লক্ষ্য ৰাখি সকলো ৰাজনৈতিক দল তৎপৰত হৈছে পৌৰসভাৰ নিৰ্বাচনৰ বাবে৷ ৰঙাপৰাত দেখা গৈছে ব্যাপক নিবাৰ্চনৰ প্ৰচাৰ, বিজেপি,কংগ্ৰেছ, নিৰ্দলীয় সকলোৱে চলাইছে৷ কংগ্ৰেছ আৰু বিজেপি দলৰ আশা ৰঙাপৰা পৌৰসভা নিজৰ হাতলৈ নিয়া৷ ৰঙাপৰাত মূল যুঁজ হ’ব বিজেপি আৰু কংগ্ৰেছৰ মাজত৷ কেইবাটাও বছৰ বিজেপিৰ দখলত থকা ৰঙাপৰা পৌৰসভাতো ৰাইজক সুবিধা দিয়াৰ ব্যৱস্থা নকৰি নিজৰ লাভালাভৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰি সম্পূৰ্ণৰূপে ৰঙাপৰা পৌৰসভাত দুৰ্নীতিৰ পাহাৰ গঢ়িলে বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰে অসম প্ৰদেশ কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ।আজি ৰঙাপৰা নগৰৰ ৯ নং ৱাৰ্ডৰ বাবে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী চমচেৰ আনচাৰীৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই কয় যে নগৰৰ কিছু কিছু ঠাইত ষ্ট্ৰীট লাইটৰ কোনো ব্যৱস্থা নাই, অন্ধকাৰ বাট-পথ, পানী সমস্যাই জৰ্জৰিত, নলা-নৰ্দমা, ৱাৰ্ডৰ বাট-পথ সুগম নহ’ল বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ নেতাজনে৷ সেইবাবেই নগৰৰ ৰাইজে এইবাৰ বিবেক ভোটেৰে কংগ্ৰেছৰ প্ৰাৰ্থীসকলক ভোট প্ৰদান কৰি জয়ী কৰাব আৰু ৰঙাপৰা পৌৰসভা গঠন কৰি নগৰৰ সকলো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব বুলি তেওঁ উল্লেখ কৰে৷ দুৰ্নীতিমুক্ত এখন পৌৰসভাৰ নিতান্তই প্ৰয়োজন, সেইবাবেই মুক্ত মনেৰে ৰঙাপৰা নগৰৰ ৰাইজে এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থীৰ সপক্ষে ভোটদান কৰিব বুলি উল্লেখ কৰে।আজিৰ সভাত শোণিতপুৰ জিলা কংগ্ৰেছ দলৰ সভাপতি দীপেন বৰা,শোণিতপুৰ জিলা কংগ্ৰেছ দলৰ সংখ্যালঘূ কোষৰ উপাধ্যক্ষ গোলাম বছিৰ আনচাৰি,কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক কাৰ্তিক কুৰ্মীৰ লগতে বহু কংগ্ৰেছ কৰ্মী অংশগ্ৰহণ কৰে।সভাৰ অন্তত দলটোৱে এক বিশাল শোভাযাত্ৰা উলিয়াই।
Home Uncategorized ৰঙাপৰাত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ: ৰাইজে পৰিবৰ্তন বিচাৰিছে-অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য