Home Main Stories বান-ভূমিস্খলনত পোত গ’ল ডিমা হাচাও: মাইবং, হাৰাংগাজাও, জাতিংগা, লাংটিঙত প্ৰৱল ভূমিখলন: শিশুসহ...

বান-ভূমিস্খলনত পোত গ’ল ডিমা হাচাও: মাইবং, হাৰাংগাজাও, জাতিংগা, লাংটিঙত প্ৰৱল ভূমিখলন: শিশুসহ তিনিজন নিহত, উদ্ধাৰকাৰ্যত সেনাবাহিনী, বায়ুসেনাক নিয়োগ, লামডিং, হাফলং, জাতিংগা ষ্টেচনত আবদ্ধ যাত্ৰী, বৰাকৰ সৈতে যোগাযোগ বিচ্ছিন্ন

172
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৫ মে’: ৰুষ্ট প্ৰকৃতি৷ প্ৰবল বৰষুণৰ বাবে অসমৰ ছুইজাৰলেণ্ডখ্যাত ডিমা হাচাও এতিয়া মৃত্যু উপত্যকাত পৰিণত হৈছে৷ বিগত কেইটামান দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত বৰাক অঞ্চললৈ যোৱা পথত ব্যাপক ভূমি¦খলন হোৱা পৰিলক্ষিত হৈছে৷ ডিমা হাচাওত প্ৰায় চ্ছটা অঞ্চলত ভূমি¦খলন আৰু নৈ-নিজৰাসমূহ ফেনে-ফোটোকাৰে ওফন্দি উঠাত একপ্ৰকাৰ স্বাভাৱিক জীৱন ব্যাহত হোৱাৰ লগতে অঞ্চলবাসীয়ে জীয়াই থকাৰ বাবে হাহাকাৰ কৰিবলগীয়াত পৰিছে৷ উল্লেখ্য যে হাফলঙত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ভূমি¦খলন ঘটাত এটি তিনিবছৰীয়া শিশুসহ তিনিজন লোক মাটিত পোত যায়৷ ইতিমধ্যে উদ্ধাৰকাৰী বাহিনীয়ে সেনাৰ সহায়ত উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও মাত্ৰ এজন লোকৰহে মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ হাফলঙত হোৱা ভূমি¦খলনত পুৰানচুলুংবে জানমী, নিচুলুংগী জানমী [তিনি বছৰ] আৰু কিছেতেয়ু হেজামীৰ মৃত্যু ঘটে৷ এতিয়ালৈকে তিনিবছৰীয়া নিচুলুংগী জানমীৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই উদ্ধাৰকাৰী বাহিনীয়ে৷ অঞ্চলটোৰ ৯৪খন গাঁৱত প্ৰায় ২৪,৬৮১জন লোক বান আৰু ভূমি¦খলনৰ কবলত পৰিছে৷ আনহাতে, ডিটকচেৰাত প্ৰবল বানে ৰে’লপথৰ দলং খহাই নিয়াত সংকটত পৰিছে যাত্ৰীসকল৷ তদুপৰি অঞ্চলটোৰ পৰা বদৰপুৰলৈ যোৱা দুয়োটা ৰে’লপথে প্ৰবল ভূমি¦খলনৰ গৰাহত পৰিছে৷ হাফলঙৰ উপৰি জাতিংগা, মাইবং, হাৰাংগাজাও, লাংটিঙত প্ৰবল বান আৰু ভূমি¦খলনৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লামডিঙৰ পৰা ডিমা হাচাওৰ মাজেৰে বৰাকলৈ যোৱা দুয়োটা ৰে’লপথ বন্ধ হৈ পৰিছে, যাৰ ফলত হাজাৰ হাজাৰ লোক লামডিং, হাফলং, জাতিংগা আদি ষ্টেচনত আবদ্ধ হৈ পৰিছে৷ ইতিমধ্যে ৰে’ল বিভাগে সাময়িকভাৱে সোতৰখন ৰে’ল বাতিল কৰিছে৷ উল্লেখ্য যে পৰিস্থিতি ইমানেই ভয়াৱহ হৈ পৰিছে যে আবদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ বাবে এছ ডি আৰ এফ, এন ডি আৰ এফৰ উপৰি প্ৰশাসনে সেনাবাহিনী আৰু অৰ্ধসামৰিক বাহিনীৰ সহায় ল’ব লগাত পৰিছে৷ ইতিমধ্যে যিসমূহ অঞ্চলত সেনাবাহিনীয়ে উদ্ধাৰ অভিযান চলাব পৰা নাই, সেইসমূহ অঞ্চলত বায়ুসেনাবাহিনীৰ যোগেদি আবদ্ধ লোকসকলক হেলিকপ্টাৰযোগে উদ্ধাৰ কৰি থকা হৈছে৷ আনহাতে, আবদ্ধ হৈ থকা ৰে’লযাত্ৰীসকলৰ বাবে ৰে’ল বিভাগে বিশেষ হেল্পলাইনৰ ব্যৱস্থা কৰিছে৷ যাত্ৰীসকলৰ আত্মীয়ই ০৩৮৪৩২৬৬৪১৯ নম্বৰৰ যোগেদি খা-খবৰ ল’ব পাৰিব৷ প্ৰকৃতিৰ ৰুষ্ট ৰূপৰ বাবে একপ্ৰকাৰ বোকা-মাটি আৰু পানীৰে কদৰ্যময় হৈ পৰিছে হাফলঙৰ বিস্তীৰ্ণ অঞ্চল৷ পাহাৰত বৰষুণ অব্যাহত থকাত ভূমি¦খলনৰ সম্ভাৱনা বৃদ্ধি ঘটিছে৷ অৱশ্যে ভূমি¦খলনৰ ফলত আন লোক হতাহত হোৱাৰ কোনো নতুন তথ্য আহি পৰা নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here